Header Ads Widget

Responsive Advertisement

অংকিতা এন্টাৰপ্ৰাইজৰ উদ্যোগত অনুষ্ঠিত শনিবৰীয়া আড্ডাত গ্ৰন্থ উন্মোচন | Sarupathar News Today | News


অংকিতা এন্টাৰপ্ৰাইজৰ উদ্যোগত অনুষ্ঠিত শনিবৰীয়া আড্ডাত গ্ৰন্থ উন্মোচন।

সৰুপথাৰ নগৰৰ মাজমজিয়াত অৱস্থিত এখনি গ্ৰন্থৰ বিপনী অংকিতা এন্টাৰপ্ৰাইজ। এই অংকিতা এন্টাৰপ্ৰাইজে সৰুপথাৰ অঞ্চলত প্ৰতিটো মাহৰ শেষৰটো শনিবাৰে এটি শনিবৰীয়া আড্ডা অনুষ্ঠানৰ আয়োজন কৰি আহিছে। অতীত আৰু বৰ্তমানৰ মাজত যোগসূত্ৰ স্থাপন কৰি সৰুপথাৰ সমজিলাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলৰ জীৱন আৰু অভিজ্ঞতা, শিক্ষাক্ষেত্ৰ, সৰুপথাৰৰ ইতিহাস, সাংস্কৃতিক ক্ষেত্ৰ, ক্ৰীড়াক্ষেত্ৰ ইত্যাদি বিভিন্ন বিষয়ৰ আলোচনাই এই আড্ডাটি জীপাল কৰি তোলাৰ উপৰি বৌদ্ধিক ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজি অংকিতা এন্টাৰপ্ৰাইজৰ উদ্যোগত আৰু সৰুপথাৰ প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত এই আড্ডাৰ থলীত সৰুপথাৰ সমজিলাৰ চুঙাজান অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ তথা কাৰ্বি আংলং ইষ্টাৰণ সৰিয়হজান মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰত্নজিৎ গগৈৰ দ্বাৰা ৰছিত এখনি "সোণালী পেগোডা পাৰ হৈ" নামেৰে গ্ৰন্থ উন্মোচন কৰা হয়। কণমানি ছাত্ৰী তনুশ্ৰী শৰ্মাই অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এটি গীত পৰিৱেশনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা লোক সংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৱৰাই। সংবাদকৰ্মী শিৱাশিষ শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত ধৰ্মেশ্বৰ দুৱৰাৰ লগতে সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° সিদ্ধেশ্বৰ বৰা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সূৰ্য গগৈ, সংবাদকৰ্মী বিদ্যুৎ বিকাশ বৰাকে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে উন্মোচিত গ্ৰন্থৰ লগতে গ্ৰন্থখনৰ লেখক ড° ৰত্নজিৎ গগৈৰ সম্পৰ্কত আৰু শনিবৰীয়া আড্ডাৰ বিষয়ে বক্তব্য আগবঢ়াই। অনুষ্ঠানটোত গ্ৰন্থখনৰ লেখক ড° ৰত্নজিৎ গগৈয়ে অংকিতা এন্টাৰপ্ৰাইজৰ স্বতাধিকাৰী দ্বিপেন কুমাৰ বৰাক বিশেষভাৱে ধন্যবাদ আগবঢ়াই আৰু সৰুপথাৰ প্ৰেছ ক্লাবৰ সকলো সদস্যৰ প্ৰশংসা কৰাৰ লগতে উপস্থিত সকলো বিশিষ্ট ব্যক্তিক ধন্যবাদ জনাই।  অনুষ্ঠানৰ শেষত কণমানি ছাত্ৰী তনুশ্ৰী শৰ্মাই এটি ভূপেন হাজৰিকা গীত পৰিৱেশন কৰে 


 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale