সৰুপথাৰত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী
আজি সৰুপথাৰতো ৰংঘৰ ৰাজহুৱা ভৱন প্ৰাঙ্গনত ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু সৰুপথাৰ সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, সমজিলা আয়ুক্ত মানসজ্যোতি নাথৰ লগতে বহুকেইগৰাকী প্ৰশাসনিক বিষয়া, শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী, পৌৰপতি আদিয়ে ড° ভূপেন হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনাই। অনুষ্ঠানটোত সৰুপথাৰ সমজিলাৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত হৈ সুধাকণ্ঠক সোঁৱৰি তেওঁৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰে। শেষত ৰংঘৰ ৰাজহুৱা ভৱনত উপস্থিত হোৱা প্ৰায় ৭০০ৰো অধিক লোকে একেলগে হাতে হাত ধৰি ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰি অনুষ্ঠানৰ সামৰণি মাৰে।







0 Comments