মধ্যমপুৰ ৰাস মহোৎসৱত কবিতাৰ অনুষ্ঠান।
৪২তম মধ্যমপুৰ সাৰ্বজনীন ৰাস মহোৎসৱৰ পঞ্চমদিনা আধ্যাত্মিকতাৰ লগত কবিতা পাঠৰ মহা সংযোজন ঘটিল। ধনশিৰি মহকুমা কবি সন্মিলনে ৰাস মহোৎসৱৰ বাকৰিত আয়োজন কৰিলে "শেৱালিৰ সুবাসত কবিতাৰ গুঞ্জন" শীৰ্ষক এক কবিতাৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বিশিষ্ট কবি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰশান্ত চাহুৱে বন্তি প্ৰজ্বলন কৰে আৰু সমূহীয়াকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে জনচেতনাৰ কবি ৰাম গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সদৌ অসম কবি সন্মিলনৰ সম্পাদক দিপ হেষ্টিংচ বড়িয়ে। পৰৱৰ্তী সময়ত ধনশিৰি মহকুমা কবি সন্মিলনৰ সম্পাদক ৰঞ্জন গোস্বামীয়ে আঁত ধৰা আৰু সভাপতি দন্দেশ্বৰ বৰাৰ সভাপতিত্বৰে কবিতাৰ অনুষ্ঠান আৰম্ভ কৰে। কবিতা অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক জোস্না হিলৈদাৰী শইকীয়াই আৰু আদৰণি ভাষণ প্ৰদান কৰে মধ্যমপুৰ ৰাস মহোৎসৱৰ মুখ্য উপদেষ্টা মহেশ্বৰ বসুমতাৰীয়ে। মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে সদৌ অসম কবি সন্মিলনৰ কোষাধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই। পিছত সদৌ অসম কবি সন্মিলনৰ প্ৰকাশন উপসমিতিৰ সভাপতি ড° প্ৰণৱ ঢ়েকিয়াল ফুকনৰ সঞ্চালনাৰে কবিতা পাঠৰ অনুষ্ঠান আৰম্ভ হয়। নতুন নতুন কবিৰ সৃষ্টি কৰাৰ লক্ষৰে ধনশিৰি মহকুমা কবি সন্মিলনে আৰম্ভ কৰা এই মহান যাত্ৰাত সৰুপথাৰ সমজিলাৰ অসম-নগালেণ্ড সীমান্তৰ অতি ভিতৰুৱা অঞলৰ প্ৰায় অৰ্ধ শতাধিক কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হয়। আনহাতে ধনশিৰি মহকুমা কবি সন্মিলনে কবিতা পাঠ কৰা সকলো ন-পুৰণি কবিক একোখনকৈ স্নেহপত্ৰ প্ৰদান কৰি সন্মান যচাৰ লগতে নতুন কবিসকলক উৎসাহিত কৰে। অনুষ্ঠানটিত বিশিষ্ট ব্যক্তি সকলৰ লগতে ৪২তম মধ্যমপুৰ ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি হিৰেণ ৰাভা, সাধাৰণ সম্পাদক অজয় কুমাৰ গগৈ, গোলাঘাট জিলা কবি সন্মিলনৰ সম্পাদক পৰাগ বৰুৱা, গোলাঘাট জিলা কবি সন্মিলনৰ সহকাৰী সম্পাদক নৱ কুমাৰ বৰ্মন, গোলাঘাট জিলা কবি সন্মিলনৰ তথা ধনশিৰি মহকুমা কবি সন্মিলনৰ মুখপত্ৰ সম্পাদকদ্বয় স্পনানী গগৈ চেতিয়া আৰু মহেশ্বৰ বসুমতাৰী লগতে কবি মিনাক্ষী হাজৰিকা, ৰোহিত কুমাৰ ৰাভাকে বহুসংখ্যক কবি সাহিত্যিক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

0 Comments