Header Ads Widget

Responsive Advertisement

সৰুপথাৰ পদুমনিত ৰাসলীলা প্ৰদৰ্শনৰ ব্যাপক প্ৰস্তুতি | Sarupathar raas leela performance | Raas leela


সৰুপথাৰ পদুমনিত ৰাসলীলা প্ৰদৰ্শনৰ ব্যাপক প্ৰস্তুতি।

সমগ্ৰ ৰাজ্যৰ লগতে সৰুপথাৰ সমজিলাৰ পদুমনি অঞ্চলতো শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শনৰ ব্যাপক প্ৰস্তুতি। ১নং পদুমনি সৰ্ব্বোদয় পুথিভঁৰাল আৰু যুৱ সংঘৰ উদ্যোগত তথা ১নং পদুমনি বাসী ৰাইজৰ সহযোগত আগন্তুক ৫ আৰু ৬ নৱেম্বৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে প্ৰথম বাৰৰ বাবে শ্ৰীকৃষ্ণৰ সম্পুৰ্ণ ৰাসলীলা প্ৰদৰ্শন কৰিব। পদুমনি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হবলগীয়া এই ৰাসলীলা প্ৰদৰ্শনৰ বাবে ইতিমধ্যে অস্থায়ী মঞ্চ নিৰ্মাণৰ কাম প্ৰায় সম্পুৰ্ণ হৈছে। লগতে ৰাসলীলা প্ৰদৰ্শনৰ বাবে স্থানীয় যুৱতীসকলৰ আখৰাও দ্ৰুত গতিত চলিছে। এই ৰাসলীলাত বেহেৰবাৰীৰ আউটপষ্ট খ্যাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী বিউটি বাইলুঙেও কেইবাটাও চৰিত্ৰত অভিনয় কৰিব। আনহাতে যোৰহাটৰ পৰা অসমৰ এতি খ্যাতনামা দলেও এই ৰাসলীলাত অভিনয় প্ৰদৰ্শন কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে। সেয়েহে উদযাপন সমিতিয়ে আগন্তুক ৫ আৰু ৬ নৱেম্বৰ তাৰিখে প্ৰদৰ্শন হবলগীয়া এই শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন অনুষ্ঠানত সমূহ সৰুপথাৰবাসী ৰাইজৰ উপস্থিতি আৰু সু-দিহা পৰামৰ্শ কামনা কৰিছে।


 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale