সৰুপথাৰৰ ষঠ পূজা আৰু সূৰ্য্য ষষ্ঠী মহোৎসৱ
সৰুপথাৰত ষঠ পূজাৰ আয়োজন সৰুপথাৰ পিএম শ্ৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত আয়োজন কৰা এই ষঠ পূজাত যথেষ্ট সংখ্যক ভক্তৰ সমাগম ঘটে। বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ উপৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে ষঠ পূজা পালন কৰাৰ লগতে ষঠ পূজাৰ থলীতে থকা পুখুৰীত নামি সূৰ্য্য প্ৰণাম কৰে আৰু ষঠ মাৰ চৰণত ধুপ চাকি জ্বলাই পূজা অৰ্চনা কৰে। আনহাতে ষঠ পূজা সমিতিয়ে জনোৱা মতে এইবাৰ পূজাৰ থলীত সকলোধৰণৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ লগতে পূজাৰ থলীত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সকলো ভক্তই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

0 Comments