Header Ads Widget

Responsive Advertisement

বিহু এৰি প্ৰতিবাদত নামিল একাংশ পুৰুষ-মহিলা || Sarupathar No 1 Tengahola Gaon News Today



বিহু এৰি প্ৰতিবাদত নামিল একাংশ পুৰুষ-মহিলা।


আজি গৰু বিহু। বছেৰেকৰ বিহুৰ দিনাখন অসমীয়া মানুহৰ গা আনন্দতে সাতখন আঠখন হৈ থাকে। কিন্তু গৰু বিহুৰ দিনাই ৰাতি পুৱা ৬মান বজাত সৰুপথাৰ সমষ্টিৰ ১নং টেঙাহোলা গাঁৱৰ চাঁওতালী পথত দেখিবলৈ পোৱা গল এক আজৱ দৃশ্য। বছেৰেকৰ বিহুটিত ঘৰৰ সকলো কামবন এৰি প্ৰতিবাদ কৰাত লাগিল এজাক পুৰুষ-মহিলা। তেওঁলোকৰ উদ্দেশ্য এটাই, মুঠতে তেওঁলোকৰ অহাযোৱা কৰা চাওঁতালী পথটো অতি শীঘ্ৰে মেৰামতি কৰি দিব লাগে। প্ৰতিবাদ কৰা ৰাইজসকলে জনোৱা মতে তেওঁলোকে সেই পথটো মেৰামতিৰ বাবে ১৯৯২চনৰ পৰাই চৰকাৰক কাকুতি=মিনতি কৰি আহিছে। কিন্তু আজি পৰ্যন্ত কোনো এখন চৰকাৰে ১নং টেঙাহোলা গাঁৱৰ সেই গ্ৰাম্য উপপথটো মেৰামতি কৰি নিদিলে। ফলত বাৰিষাৰ দিনত ৰাইজে একাঠু বোকা খচি অহাযোৱা কৰিব লাগে। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সকলো লোকে পথটোত জীয়াতু ভুগিব লাগে। আনহাতে গাঁৱখনৰ কোনো লোকৰ অসুখ-বিসুষ হলে জৰুৰী সেৱাৰ এম্বুলেন্স আহিবলৈও টান পাই। ইফালে চাঁওতালী পথটোত দাঁতিত বসবাস কৰা আধাসংখ্যক লোকে বিদ্যুৎ সংযোগ পাইছে যদিও এতিয়াও বহুলোকে বিদ্যুৎ সংযোগ পোৱা নাই। সৰুপথাৰ বিদ্যুৎ উপসংমণ্ডলে বিদ্যুৎৰ খুটা বহু দিনৰ আগতেই পেলাই থৈছিল যদিও আজি পৰ্যন্ত সংযোগ কৰি দিয়া নাই। মুঠৰ ওপৰত সেই পথটোৰ কাষত বসবাস কৰা পৰিয়ালসমূহে দীৰ্ঘদিন ধৰি বিভিন্ন যান্ত্ৰনা ভুগি অহাৰ গুৰিতৰ অভিযোগ কৰিছে। সেয়েহে বছেৰেকৰ বিহুৰ দিনা গাঁৱখনৰ সকলো ৰাইজ লগলাগি এনেদৰে প্ৰতিবাদ কৰাত নামিল আৰু শীঘ্ৰে যদি পথটো মেৰামতি কৰি নিদিয়ে তেতিয়া তেওঁলোকে আহি থকা পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।


 

Post a Comment

0 Comments

Sarupathar Live