Header Ads Widget

Responsive Advertisement

উৰিয়ামঘাটত আজিৰে পৰা পাঁচদিনীয়াকৈ গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱ//Uriamghat News 2025//Uriamghat News


উৰিয়ামঘাটত আজিৰে পৰা পাঁচদিনীয়াকৈ গ্ৰন্থ মেলা আৰু সাহিত্য উৎসৱ

অসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত আজিৰে পৰা পাঁচদিনীয়াকৈ আৰম্ভ হৈছে গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি আজি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু মুখ্যদ্বাৰ মুকলি অনুষ্ঠান সম্পন্ন হয়। সীমামুৰীয়া অঞ্চলটিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ লগতে তেওঁলোকৰ মাজত কিতাপ পঢ়াৰ এক আন্দোলন গঢ়ি তোলাৰ বাবে আয়োজন কৰা গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱটিৰ লগত সঙ্গতি ৰাখি মুকলি সভা, স্মৃতিগ্ৰন্থ উন্মোচন, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সাহিত্য প্ৰতিযোগিতা, আলোচনা চক্ৰ, বহুভাষিক কবি সন্মিলনকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিছে। আনহাতে গ্ৰন্থমেলাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বহুকেইখন নামিদামী গ্ৰন্থৰ প্ৰতিষ্ঠানে কিতাপৰ বিপণী খুলি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে


 

Post a Comment

0 Comments

Sarupathar Live