নাওজানত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
দুদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে নাওজানত উদযাপন কৰা হল আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। নাওজান গ্ৰাম্য সংগঠনৰ উদ্যোগত আৰু নাওজানবাসী ৰাইজৰ সহযোগত নাওজান ৰাজহুৱা ভৱন প্ৰাঙ্গনত অনুষ্ঠিত কৰা এই আন্তৰ্জাতিক নাৰী দিৱসত চাৰিটাকৈ গ্ৰাম্য সংগঠনৰ মহিলাই অংশগ্ৰহণ কৰে। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰে। পৰৱৰ্তী সময়ত সকলো মহিলা লগলাগি নাওজান চহৰৰ মাজমজিয়াইদি এক সাংস্কৃতিক শোভাযাত্ৰা সম্পন্ন কৰে। উক্ত কাৰ্যসূচীৰ পিছতেই মহিলাসকলৰ মাজত টেকেলী ভঙা, মিউজিক চেয়াৰ, ৰছি টনা প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আৰু ভেকশ্বন প্ৰতিযোগিতা আৰম্ভ হয়। প্ৰতিযোগিতা সমূহত মহিলাসকলৰ আনন্দ=উল্লাসে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ঠিক তেনেদৰে নাৰী দিৱস উদযাপনৰ দ্বিতীয় দিনাও মুকলি সভাকে ধৰি মহিলাসকলৰ মাজত দিহানাম প্ৰতিযোগিতা, উৰুলি দিয়া প্ৰতিযোগিতা আৰু মহিলাসকলৰ অভিনয়ৰে একাকিংকা নাট প্ৰদৰ্শন কৰে। জানিব পৰা অনুযায়ী অনুষ্ঠানৰ শেষত আমন্ত্ৰিত কণ্ঠশিল্পী ক্ৰমে বিজন নেওগ। আইচেংফা ফুকন আৰু আনন্দ তাঁতীৰ দ্বাৰা এক গীতৰ শৰাই অনুষ্ঠানেৰে নাৰী দিৱসৰ সামৰণি মাৰিব।
0 Comments