ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা আৰু নাওজান আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত, চকু পৰীক্ষা শিবিৰ
ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ অন্তৰ্গত নাওজান আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বিনামূলীয়া চকু শিবিৰ অনুষ্ঠিত হয় ।অসম আৰু অসম আৰকান বেচিন ONGC যোৰহাট ,অনুগ্ৰহ দৃষ্টিদান,যোৰহাট লায়েন্স চকু চিকিৎসালয় সহযোগত দিনযোৰা কায্যসূচীৰে চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে । উক্ত বিনামূলীয়া চকু চিকিৎসা শিবিৰত নাওজান বিভিন্ন অঞ্চলৰ প্ৰায় ৩ শতাধিক ৰাইজে চকু পৰীক্ষা কৰাৰ লগতে চকু পৰীক্ষাত কেটেৰেক্ট থকা সকলক বিনামূলীয়াকৈ চকু অস্ত্ৰোপচাৰ কৰাবৰ বাবে যোৰহাট লায়েন্স চিকিৎসালয় লৈ প্ৰেৰণ কৰে । আনহাতে ,বিনামূলীয়াকৈ ঔষধ,চশমা প্ৰদান কৰে চিকিৎসাক সকলে। এনে মহান পদক্ষেপৰ গ্ৰহণ কৰাৰ বাবে চুতীয়া ছাত্ৰ সন্থাক সকলোৱে একেমুখে শলাগ লোৱা পৰিলক্ষিত হৈছে ।
0 Comments