Header Ads Widget

Responsive Advertisement

৩ দিনীয়াকৈ কৰ্মবিৰতিত বহিল NHMৰ কৰ্মচাৰী/NHM News 2025/NHM News Today/NHM News Assam/NHM Latest News


তিনিদিনীয়াকৈ কৰ্মবিৰতিত বহিল NHMৰ কৰ্মচাৰী।

সমগ্ৰ ৰাজ্যৰ লগতে আজি সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়তো 4মাৰ্চৰ পৰা 6মাৰ্চলৈকে তিনিদিনীয়াকৈ  কৰ্মবিৰতিত বহিল NHMৰ কৰ্মচাৰী। 2006চনতে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিজানৰ অধীনত আৰম্ভণিৰে পৰা প্ৰায় 24হাজাৰৰো অধিক কৰ্মচাৰীয়ে ঠিকাভিত্তিক ভাৱে অতি কম তথা নূন্যতম দৰমহাত সেৱা আগবঢ়াই আহিছে। ইয়াৰে প্ৰায় বিশ হাজাৰ কৰ্মচাৰী ৰাজ্যৰ চিকিৎসালয় সমূহত কৰ্মৰত হৈ আছে। কিন্তু দীৰ্ঘদিন ধৰি ঠিকাভিত্তিক ভাৱে সেৱা আগবঢ়াই যোৱা এইসকল কৰ্মচাৰীক চৰকাৰে নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে তেওঁলোকৰ চাকৰি সমূহ নিয়মীয়াকৰণ নহল। আনহাতে নিয়মীয়াকৰণ নোহোৱালৈকে সপ্তম দৰমহা আয়োগ মতে দৰমহা দিয়া হব বুলি ঘোষণা কৰিছিল যদিও সেইয়াও আজিলৈকে কাৰ্যকৰী নহল। কৰ্মবিৰতিত বহি NHMৰ কৰ্মচাৰী সকলে কয় আমি নিয়মীয়া কৰ্মচাৰীৰ সমানে কাম কৰিও দৰমহাৰ ক্ষেত্ৰত থকা বৈষম্যৰ বাবেই আমাৰ পৰিয়াল পোহপাল দিয়াত যথেষ্ট কষ্ট হয়।  সেয়েহে গোলাঘাট জিলাৰ সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা আৰু NHMৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মচাৰীয়ে দৰমহা সুৰক্ষা সহ নিযুক্তি দিয়াৰ দাবীৰে হাতে হাতে প্লে-কাৰ্ড লৈ এনেদৰেই আজিৰে পৰা ৬মাৰ্চলৈকে কৰ্মবিৰতিত বহিল। তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু সমকামৰ সম মৰ্যদা আৰু সম দৰমহা, চাকৰি নিয়মীয়াকৰণ নোহোৱা সময়চোৱালৈকে আগন্তুক অষ্টম দৰমহা আয়োগৰ দ্বাৰা নিৰ্ধাৰিত হাৰত দৰমহা প্ৰদান প্ৰযোজ্য হোৱালৈকে যোৱা ২০১৬চনৰ  জানুৱাৰী মাহৰ পৰা প্ৰযোজ্য হোৱাকৈ সপ্তম দৰমহা আয়োগৰ  দ্বাৰা নিৰ্ধাৰিত হাৰত তথা স্থায়ী পদত কৰ্মৰত কৰ্মচাৰীৰ সমানে স্কেল পে পদ্ধতিত দৰমহা প্ৰদান কৰাৰ দাবী জনাই আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এখনি দুই দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰে।


 

Post a Comment

0 Comments

Sarupathar Live