Header Ads Widget

Responsive Advertisement

৪৫ দিনত দুই প্ৰায় লাখ টকা লাভ, কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা এজন যুৱক || Mushroom farming in assam


কাঠফুলা খেতিৰে স্বাৱলম্বী হোৱা এজন সফল যুৱক।

কাঠফুলা খেতি আৰু ব্যৱসায় কৰি সুন্দৰভাৱে সফল হৈছে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বেবেজীয়া গাঁৱৰ এজন যুৱক। নাম চেনিৰাম শইকীয়া। ২০১৬চনত বন্ধন বেংকৰ পৰা কেৱল মাত্ৰ ১৫ হাজাৰ টকা ঋণ লৈ চেনিৰাম শইকীয়াই নিজ ঘৰতে কাঠফুলাৰ খেতি আৰম্ভ কৰিছিল। বৰ্তমান সময়ত যুৱকজনে নিজ ঘৰতে দুটি গ্ৰীণ হাউচ নিৰ্মাণ কৰি এটি ঘৰত এহেজাৰ টোপোলাকৈ দুটি ঘৰত দুহেজাৰ টোপোলাৰ খেতি কৰে। যুৱকজনে জনোৱা মতে এই খেতিৰ দ্বাৰা খুউব কম সময়ত লাভৱান হব পাৰি। তেওঁ বৰ্তমান এমাহৰ পৰা পঞ্চল্লিছ দিনৰ ভিতৰত প্ৰায় দুই লাখ টকা পৰ্যন্ত লাভ কৰে। আনহাতে চেনিৰামে নিজৰ উৎপাদিত কাঠফুলা সমূহৰ লগতে ওচৰ চুবুৰীয়া বহুতো খেতিয়কৰ পৰা কাঠফুলা সংগ্ৰহ কৰি সৰুপথাৰ অঞ্চলৰ লগতে কাৰ্বি আংলং আৰু চুবুৰীয়া ৰাজ্য নগালেণ্ডলতো কাঠফুলা বিক্ৰি কৰে। চেনিৰামে এই খেতিৰ দ্বাৰ নিজে স্বাৱলম্বী হোৱাৰ লগতে স্থানীয় প্ৰায় পাঁচ ছজনকৈ ব্যক্তিকো সংস্থাপন দিবলৈ সক্ষম হৈছে।


 

Post a Comment

0 Comments

Sarupathar Live