Header Ads Widget

Responsive Advertisement

হাজাৰ হাজাৰ ভক্তৰ দীঘলীয়া শাৰী, Chukiapathar shivratri 2025/Shivratri news 2025/Shivratri news today




আজি শিৱৰাত্ৰি। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত চুকীয়াপথাৰ শিৱ বাবাৰ মন্দিৰতো আজিৰে পৰা পাঁচদিনীয়াকৈ অতি উলহ-মালহেৰে মহা শিৱৰাত্ৰিৰ আয়োজন কৰিছে। মন্দিৰৰ চৌহদত পুৱাৰ ভাগৰ পৰাই দেখা গল অগণন লোকৰ ভীৰ। হাজাৰ হাজাৰ ভক্তই শিৱ বাবাৰ চৰণত পূজা অৰ্চনা কৰাৰ উদ্দেশ্যৰে মন্দিৰটিৰ চৌহদত দীঘলীয়া শাৰী পতা দেখা গল। দুৰ দুৰণিৰ পৰা অহা সহস্ৰাধিক ভক্তই মূল মন্দিৰভাগিৰ পিছফালে শাৰী শাৰীকৈ থকা শিৱ বাবাৰ লিংগত গাখীৰ আৰু পানী ঢ়ালি পূজা অৰ্চনা কৰে। আনহাতে মন্দিৰটিৰ সন্মুখভাগতে থকা মুকলি পথাৰত শিৱৰাত্ৰিৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা বিভিন্ন বিপণীৰ লগতে নানান বাণিজ্য মেলাতো ভক্ত সকলে ভীৰ কৰে।  শিৱৰাত্ৰিভাগ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত মন্দিৰ পৰিচালনা সমিতিয়ে বিভিন্ন শিতানত প্ৰায় অৰ্ধ শতাধিক স্বেচ্ছাসেৱক নিয়োগ কৰি ৰাখিছে বুলি জানিব পৰা গৈছে। সৰুপথাৰ অঞ্চলৰ গৌৰৱ তথা বীৰ শ্বহীদ কুশল কোঁৱৰৰ বাসভৱনৰ নাতি দুৰৈত অৱস্থিত চুকীয়া পথাৰৰ এই শ্ৰীশ্ৰী শিৱ বাবাৰ মন্দিৰভাগৰ এক ঐতিহ্যপূৰ্ণ ইতিহাস আছে। বৰ্তমান সময়ত মন্দিৰভাগৰ নিৰ্মাণ কাৰ্যও চলি আছে। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে মন্দিৰটিৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ কৰাৰ বাবে তিনি লাখ টকাৰ অনুদান আগবঢ়াইছে বুলি মন্দিৰ পৰিচালনা সমিতিয়ে জানিবলৈ দিয়ে।

Post a Comment

0 Comments

Sarupathar Live