Header Ads Widget

Responsive Advertisement

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ টাইপাৰ কৰ্মকৰ্তাৰ অপকৰ্মৰ বিৰুদ্ধে এজাহাৰ দাখিল || Today Assamese News || News


শ্ৰীমন্ত শংকৰদেৱ সংঘৰ টাইপাৰ কৰ্মকৰ্তাৰ অপকৰ্মৰ বিৰুদ্ধে এজাহাৰ দাখিল।

শ্ৰীমন্ত শংকৰদেৱৰ উদাৰ মানৱতাবাদী আধ্যাত্মিক দৰ্শনৰ ভেটিত প্ৰতিষ্ঠিত ধৰ্মীয়, সাহিত্য-সংস্কৃতিৰ সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ১৭তাৰিখে সোণাৰি নগৰৰ মাজমজিয়াত উদিপ্ত গগৈ আৰু টাই আহোম যুৱ পৰিষদৰ কেইজনমান কৰ্মকৰ্তাই সংগঠনটোৰ বেনাৰত প্ৰতিবাদৰ নামত শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ প্ৰতীক চিহ্ণ আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ পতিক্ৰীয়াৰ সৃষ্টি হৈছে। আজি সৰুপথাৰতো অঞ্চলটোৰ ৬খন আঞ্চলিকৰ সদস্য সকল একত্ৰিত হৈ প্ৰায় পাঁচশৰো অধিক পুৰুষ-মহিলাই সৰুপথাৰ আৰক্ষী থানাত টাইপাৰ কৰ্মকৰ্তাৰ অপকৰ্মৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেওঁলোকে কয় আমি একেখন অসমৰে মানুহ। গতিকে সকলোৱে মিলি থাকিব বিচাৰোঁ। কিন্তু সংবিধানৰ প্ৰতিলিপ দাহ কৰা কাৰ্যই আমাৰ অন্তৰত আাঘাট দিলে। সেয়েহে নীতি সদাচাৰৰ ভিতৰত থাকি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এজাহাৰ দাখিল কৰোঁ।

 

Post a Comment

0 Comments

Sarupathar Live