চুকীয়াপথাৰ শিৱ মন্দিৰত এইবাৰ পাঁচদিনীয়াকৈ অনুষ্ঠিত হব "মহা শিৱৰাত্ৰি"
এইবাৰ পাঁচদিনীয়াকৈ "মহা শিৱৰাত্ৰি" অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে সৰুপথাৰ সমজিলাৰ ঐতিহ্যমণ্ডিত চুকীয়াপথাৰ শিৱ মন্দিৰে। চুকীয়া পথাৰ শিৱ মন্দিৰত প্ৰতি বছৰেই অতি উলহ-মালহেৰে মহা শিৱৰাত্ৰিৰ আয়োজন কৰে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ সমাগম হয়। জাগ্ৰত শিৱ মন্দিৰটিত বিগত সময়চোৱাত তিনিদিনীয়াকৈ শিৱৰাত্ৰিৰ আয়োজন কৰিছিল। কিন্তু দৈনিক হাজাৰ হাজাৰ ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি তথা ভক্তৰ সুবিধাৰ্থে এইবাৰ আগন্তুক ২৬ফেব্ৰুৱাৰী তাৰিখৰ পৰা ২মাৰ্চলৈকে পাঁচদিনীয়াকৈ শিৱৰাত্ৰিৰ আয়োজন কৰিব। তদুপলক্ষে আজি চুকীয়াপথাৰ শিৱ মন্দৰৰ চৌহদত স্থানীয় বহু সংখ্যক পুৰুষ-মহিলা মিলি এক চাফাই অভিযান চলাই। গৌৰৱউজ্বল শতবৰ্ষ গৰকা শিৱ মন্দিৰভাগিৰ বৰ্তমান নিৰ্মাণ কাৰ্যও চলি আছে। পাঁচদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া শিৱৰাত্ৰিৰ দিনকেইটাত আয়োজক সমিতিয়ে সকলো ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে।
0 Comments