চাওঁতালী মধ্য ইংৰাজী বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন।
গোলাঘাট দক্ষিণ শিক্ষাখণ্ডৰ অন্তৰ্গত ২নং প্ৰেমহৰা অঞ্চলৰ চাওঁতালী মধ্য ইংৰাজী বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অতি উলহ-মালহেৰে ২নং প্ৰেমহৰা গাঁওবাসী ৰাইজৰ সহযোগত সোণালী জয়ন্তী উৎসৱটি উদযাপন কৰে। সোণালী জয়ন্তীৰ প্ৰথম দিনাৰ কাৰ্যসূচীত স্মৃতি তোৰণ, স্মৃতি সৌধ উন্মোচনৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। আনহাতে দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুযায়ী মঙ্গলবাৰে পুৱাৰ ভাগত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা সম্পন্ন কৰে। শোভাযাত্ৰাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় গাঁওবাসী ৰাইজেও অংশগ্ৰহণ কৰি বিভিন্ন কলা-কৃষ্টি প্ৰদৰ্শন কৰে। পৰৱৰ্তী সময়ত এখনি মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত নিদিষ্ট বক্তা হিচাপে বুধিন ফুকন আৰু মুখ্য অতিথি হিচাপে খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিৰাজ দাসৰ লগতে বহুকেইজন বিশিষ্ট শিক্ষাবিদ তথা সমাজ সচেতন ব্যক্তি উপস্থিত থাকি তেওঁলোকৰ বহুমূলীয়া ব্যক্তব্য আগবঢ়াই। চাওঁতালী মধ্য ইংৰাজী বিদ্যালয়খন ১৯৭৫চনত প্ৰতিষ্ঠা হৈ ২০২৪বৰ্ষলৈকে প্ৰাথমিক বিদ্যালয় হিচাপে চলি আছিল আৰু বৰ্তমান সময়ত বিদ্যালয়খন মধ্য ইংৰাজী বিদ্যালয়লৈ উন্নীতকৰণ হৈ পাঠদান চলি আছে। ৫০টা বৰ্ষ গৌৰৱপূৰ্ণভাৱে অতিক্ৰম কৰা বিদ্যালয়খনলৈ কিন্তু ছাত্ৰ-ছাত্ৰী সকল অহা-যোৱা কৰিবৰ বাবে যাতায়তৰ উপযোগীকৈ এটি পথৰ অভাৱ। বাৰিষা কালত মাটিৰ পথেৰে অহা-যোৱা কৰিবলৈ ছাত্ৰ-ছাত্ৰী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হয়। ইমান এটা ভিতৰুৱা অঞ্চলত শিক্ষা পোহৰ বিলোৱা চাওঁতালী মধ্য ইংৰাজী বিদ্যালয়খনে গৌৰৱপূৰ্ণভাৱে ৫০টা বছৰ অতিক্ৰম কৰাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে সমগ্ৰ গাওঁবাসীয়েই আনন্দিত হৈ পৰিছে।
0 Comments