Header Ads Widget

Responsive Advertisement

চিলনী চোৰে কাঢ়ি নিলে পাঁচ লক্ষাধিক টকাৰ গহনা গহ ভৰ্তি বেগ | Sarupathar Big Breaking News 2025 | News


সৰুপথাৰত চিলনী চোৰে কাঢ়ি নিলে পাঁচ লক্ষাধিক টকাৰ গহণা ভৰ্তি বেগ।

সৰুপথাৰত ৰাতিপুৱাই সংঘটিত হল এক ভয়ংকৰ চিলনী চোৰৰ ঘটনা।চিলনী চোৰে মটৰ চাইকেলৰ পৰা থপিয়াই নিলে প্ৰায় পাঁচ লক্ষাধিক টকাৰ সোণ গহণা থকা এটি বেগ। জানিব পৰা তথ্য মতে সৰুপথাৰ নগৰৰ ৪নং ৱাৰ্ডৰ বাসিন্দা নাৰায়ণ চন্দ্ৰ দেৱনাথ ওৰফে নাৰু নামৰ এজন ব্যক্তি সৰুপথাৰ নগৰৰ মচজিদৰ সমীপত থকা তেখেতৰ নিজা নিউ শ্ৰীমা জুৱেলাৰী নামৰ গহণালয় খনলৈ আহিছিল। তেখেতে দোকান খোলাৰ পূৰ্বে ওচৰৰে মেঘা চুইট নামৰ এখন দোকানত মিঠাই লবলৈ সোমাওঁতেই তেখেতৰ মটৰ চাইকেলত সোণৰ গহণা ভৰ্তি থকা বেগটো মটৰ চাইকেলেৰে অহা দুটাকৈ চিলনী চোৰে থাপ মাৰি লৈ যায়। নাৰায়ণ চন্দ্ৰ দেৱনাথে জনোৱামতে তেওঁৰ বেগটোত আজি ডেলিভাৰি দিব লগীয়া সোণৰ অলংকাৰৰ কেইবাটাও চেট আছিল। গহণাখিনিৰ আনুমানিক মূল্য প্ৰায় পাঁচ লখা টকা হব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁৰ গহনালয়খনৰ অৱস্থা ইমান ভাল নোহোৱা বাবেই প্ৰয়োজনীয় গহণাখিনি দৈনিক ঘৰলৈ লৈ যায়। কিন্তু পুৱাৰ ভাগত বেগত ভৰাই দোকান খুলিবলৈ মটৰ চাইকেলেৰে আহোতেই এই কাণ্ড সংঘটিত হয়। যাৰ বাবে তেওঁ দুখত ভাঙি পৰিছে। ঘটনাৰ পিছতেই নাৰায়ণ দেৱনাথে সৰুপথাৰ আৰক্ষী থানাত খবৰ দিয়ে আৰু সৰুপথাৰ আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।


 

Post a Comment

0 Comments

Sarupathar Live