সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা অৰুণা দেৱী কটকীৰ বিয়োগ।
সৰুপথাৰবাসীৰ বাবে এক দুখৰ খবৰ। আজি পুৱাৰ ভাগতেই সৰুপথাৰ নগৰৰ ৮নং ৱাৰ্ডৰ বাসিন্দা তথা সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা অৰুণা দেৱী কটকীৰ দেহাৱসান ঘটে। তেখেত কিছুদিন ধৰি অসুস্থ হৈ আছিল আৰু আজি পুৱা চাৰে সাত মান বজাত ইহ সংসাৰ এৰি গুছি যায়। মৃত্যুৰ সময়ত তেখেতৰ বয়স ৭২বছৰ হৈছিল। অৰুণা দেৱী কটকীয়ে সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষকৰ পৰা অধ্যক্ষাৰ পদলৈকে দীৰ্ঘদিন সময় সুনিপুণতাৰে শিক্ষকতা কৰাৰ লগতে বিদ্যালয়খন সুন্দৰভাৱে পৰিচালনা কৰি বহু ছাত্ৰ-ছাত্ৰীক মানুহ কৰি থৈ গল। অৰুণা দেৱী কটকীয়ে তেখেতৰ সংসাৰত দুজনকৈ পুত্ৰ-বোৱাৰী, জী-জোঁৱাই আৰু নাতি নাতিনী এৰি থৈ গৈছে। তেখেতৰ বিয়োগত পৰিয়ালবৰ্গৰ লগতে সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা সমগ্ৰ সৰুপথাৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰে।
0 Comments