সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান ১নং মৰাজান গাঁৱৰ এটি ১৩বছৰীয়া শিশুৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে ৰাইজৰ সহায়ৰ। অতুল তামুলী আৰু মাইনু তামুলী নামৰ এটি পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান বিশাল তামুলী নামৰ এটি শিশু ৯বছৰ বয়সৰ পৰাই মাৰাত্মক কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। পিতৃ=মাতৃয়ে বিশালক গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, গুৱাহাটী, ডিমাপুৰ ইত্যাদি বিভিন্ন ঠাইত চিকিৎসা কৰিও সুফল নাপালে। দৰিদ্ৰ পৰিয়ালটোৱে নিজ পুত্ৰৰ চিকিৎসাৰ বাবে মাটি, ভেটি তথা বছৰটোৰ ধান সকলো বিক্ৰী কৰি শেষ কৰি দিলে। গাঁৱলীয়া চিকিৎসা কৰিও ভাল হোৱা নাই বিশালৰ। বিশালৰ চিকিৎসা কৰি কৰি এতিয়া পৰিয়ালটোৰ সম্পুৰ্ণৰূপে হাত উদং হৈ গৈছে। সেয়েহে চকুলো টোকাৰ বাহিৰে উপায়হীন হৈ পৰিছে পিতৃ-মাতৃ। শেষত উপায়হীন হৈ একমাত্ৰ পুত্ৰ সন্তানটিৰ চিকিৎসাৰ বাবে চৰকাৰ তথা ৰাইজৰ পৰা আৰ্থিকভাৱে সহায়ৰ হাত বিচাৰিছে। কোনো সদাশয় লোকে কণমানি বিশালৰ চিকিৎসাৰ বাবে সহায় কৰিব বিচাৰিলে মাতৃ মাইনু তামুলীৰ নামত থকা নাওজান শাখাৰ অসম গ্ৰামীণ বিকাশ বেংকৰ একাউণ্ট নম্বৰ 7228029012957 আৰু IFSC Code PUNB0RRBAGBত সহায় কৰিব পাৰিব। লগতে ইচ্ছুক ব্যক্তি সকলে স্ক্ৰীনত দিয়া QR Codeতো সহায় কৰিব পাৰিব। মনত ৰাখিব আপোনাৰ মোৰ কিঞ্চিত সহায়ে এটি পৰিয়ালৰ মাজলৈ পুনৰ হাঁহি ঘূৰাই আনিব পাৰে।
0 Comments