Header Ads Widget

Responsive Advertisement

২৫ দিনীয়া সন্তানৰ মাতৃৰ দুয়োটা বৃক্ক বিকল, কৰ্কট ৰোগৰ লগতে টিউমাৰ || Sarupathar Bojalbari News 2025


এগৰাকী মাতৃৰ চিকিৎসাৰ বাবে প্ৰয়োজন সহায়ৰ।

সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বজালবাৰী গাঁৱৰ এটি পৰিয়ালৰ কৰুণ কাহিণী। আজিৰোণ নেছা নামৰ এগৰাকী মাতৃয়ে এটি সন্তান জন্ম দিয়াৰ চাৰি-পাঁচ দিন মানৰ পিছত তেওঁৰ দেহত ধৰা পৰিছে মাৰাত্মক কৰ্কট ৰোগ। আনহাতে তেওঁৰ দুয়োটা বৃক্ক বিকল হোৱাৰ লগতে এটি টিউমাৰো ধৰা পৰিছে। দুৰ্ভগীয়া পৰিয়ালটোৱে মাতৃ গৰাকীক গোলাঘাট, যোৰহাট, ডিমাপুৰ, গুৱাহাটী ইত্যাদি বিভিন্ন ঠাইত চিকিৎসা কৰিও মহিলা গৰাকীক সুস্থ কৰি তুলিব পৰা নাই। ইফালে মহিলা গৰাকীৰ মাত্ৰ ২৫দিনীয়া এটি সন্তানো আছে। যাৰ বাবে দুখত ভাঙি পৰিছে পৰিয়ালটো। পৰিয়ালৰ লোকে জনোৱা মতে বৰ্তমান তেওঁলোকৰ হাতত চিকিৎসা কৰিবলৈ হাত একেবাৰে উদং হৈ পৰিল। সেয়েহে ৰোগাক্ৰান্ত মাতৃ গৰাকীৰ চিকিৎসাৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায়ৰ হাত বিছাৰি কৰযোৰে অনুৰোধ জনাইছে। লগতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো লোকৰে সহায় বিছাৰি প্ৰাৰ্থনা জনাইছে। কোনো সদাশয় লোকে মাতৃ গৰাকীৰ চিকিৎসাৰ বাবে সহায় কৰিব বিছাৰিলে মাতৃ আমিৰোণ নেছাৰ সৰুপথাৰ ষ্টেট বেংক শাখাৰ একাউণ্ট নম্বৰ 35092490666 আৰু IFSC Code SBIN0002123 নম্বৰত সহায় কৰিব পাৰিব। লগতে আমাৰ স্ক্ৰীণত দিয়া QR Codeটো সহায়  কৰিব পাৰিব।

Post a Comment

0 Comments

Sarupathar Live