Header Ads Widget

Responsive Advertisement

দিন দুপৰতে চুৰি কাণ্ড সৰুপথাৰত//Sarupathar Big Breaking News 2025//Sarupathar News Today//News 2025


সৰুপথাৰত দিন দুপৰতে চুৰি কাণ্ড।

সৰুপথাৰ অঞ্চলত সঘনাই চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। আজি পুনৰ সৰুপথাৰ নগৰৰ ৭নং ৱাৰ্ডৰ বাসিন্দা তথা সৰুপথাৰ নগৰৰ ষট পূজা ঘাটৰ সমীপত থকা সৰুপথাৰৰ ছোৱালী মহাবিদ্যালয়ৰ শিক্ষক দিগন্ত কুমাৰ বুঢ়াগোহাঁইৰ ঘৰত দিন দুপৰতে এক চুৰিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে ঘটনাৰ সময়চোৱাত ঘৰখনত কোনো লোক উপস্থিত নাছিল। মানুহ নথকাৰ সুযোগ লৈ চুৰে ঘৰটোৰ পিছফালৰ বেৰ ভাঙি ভিতৰত প্ৰবেশ কৰে আৰু গোটেই ঘৰখন লণ্ডভণ্ড কৰি ষ্টীল আলমিৰাৰ লকাৰ ভাঙি প্ৰায় পাঁচটোলা সোণৰ গহনা আৰু নগদ ১৭হাজাৰ টকা ধন লৈ যায়। আনহাতে অসুখীয়া দেহা বাবেই ঘৰখনত জেষ্ঠা মাতৃ হেমপ্ৰভা বুঢ়াগোহাঁই সদায় ঘৰতে থাকে। কিন্তু আজি তেখেত পানজান অঞ্চলৰ সৰু পুত্ৰৰ ঘৰলৈ গৈছিল বাবে ঘৰখন তলা লগাই গৈছিল। সেই সময়চোৱাতে চুৰিকাণ্ডৰ ঘটনাটি সংঘটিত হয়। ইতিমধ্যে ঘটনাস্থলীত সৰুপথাৰ আৰক্ষী উপস্থিত হৈ তদন্ত পক্ৰিয়া আৰম্ভ কৰিছে। ইফালে সৰুপথাৰ অঞ্চলত সঘনাই চুৰিকাণ্ড হোৱা ঘটনাক লৈ চিন্তিত হৈ পৰিছে স্থানীয় লোক। দুদিন পূৰ্বে সৰুপথাৰৰ গন্ধকৰৈ গাঁৱৰ পৰাও নিশা তিনিখনকৈ মটৰ চাইকেল চুৰি হোৱা ঘটনা পোহৰলৈ আহিছিল


 

Post a Comment

0 Comments

Sarupathar Live