গোলাঘাট জিলাৰ সৰুপথাৰত কলিতা জনগোষ্ঠীৰ অন্যতম লোকনৃত্য অনুষ্ঠান মহে-হো উৎসৱ উদযাপন
সদৌ কলিতা ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত,ধনশিৰি কলিতা ঐক্যমঞ্চৰ সহযোগত সৰুপথাৰ সমজিলাৰ ১ নং পাৰঘাট-পদুমণি গাঁওৰ আতিথ্যত মহোহো উৎসৱটো উদযাপন কৰা হয়। গাঁৱপ্ৰধান ৰঞ্জিত কুমাৰ ডেকা দেৱে কামৰূপ নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাপৰ্ণৰে অনুষ্ঠানটিৰ আৰম্ভণি কৰাৰ লগতে সভাৰ সভাপতিত্ব কৰে গাঁৱৰ জেষ্ঠ অৱসৰপ্ৰাপ্ত শিক্ষক হৰেণ ডেকা দেৱে লগতে অনুষ্ঠানটিৰ আঁত ধৰে গোলাঘাট জিলা কলিতা ছাত্ৰ সন্থাৰ ভা.সভাপতি ৰাজেশ তালুকদাৰে ।মহেহো উৎসৱৰ উদ্বোধন কৰে নাওজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিপ্লৱ কুমাৰ চৌধুৰীদেৱে। প্ৰদৰ্শনীমূলক হিচাপে গাঁৱৰ কেইবাটাও দলে মহ-হো(অহো মহো)বা মহখেদা নৃত্য প্ৰদৰ্শন কৰে। মহ-হো উৎসৱটিৰ অতীত ব্যাখ্যা কৰে গাঁৱৰ জেষ্ঠ ব্যক্তি গোপীচন্দ্ৰ ডেকাই ।এই উৎসৱটিৰ লগত সংগতি ৰাখি কলিতা জনগোষ্ঠীৰ অতীত বৰ্তমান আৰু ভবিষ্যতৰ এক পৰ্যালোচনা হয়। এই পৰ্যালোচনা সভাত শিক্ষক বলীন চন্দ্ৰ বৰাদেৱ আৰু ধনশিৰি কলিতা ঐক্যমঞ্চৰ সমন্বয়ক মৃদুপৱন তামুলী, সৰুপথাৰ মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক পৰাগ কুমাৰ ভূঞা, বৰপথাৰৰ জেষ্ঠ সাংবাদিক বিবেকানন্দ দত্ত দেৱে বৰ্তমানৰ কলিতা জনগোষ্ঠীৰ লোকসকলৰ অৱস্থা লগতে ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে পৰ্যালোচনা কৰে। মহোহো উৎসৱত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিল সৰুপথাৰ কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি মৃণাল দত্ত,সৰুপথাৰ আঞ্চলিক ছাত্ৰসন্থাৰ সম্পাদক শিৱাশীষ শৰ্মা আৰু বিশেষভাৱে আমন্ত্ৰিত ধনশিৰি আপকুৰ সম্পাদক অনুজ বৰাদেৱৰ লগতে আপকুৰ আন বিষয়ববীয়া লগতে সদস্যসকল।
0 Comments