চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম।
দেওবাৰে সৰুপথাৰৰ কৈৰী গাঁও চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰত সকলো ৰাইজে মিলি ন=চাউল আৰু প্ৰসাদ গ্ৰহণ কৰে। তাৰ মাজতে দেখা গল এক সুন্দৰ দৃশ্য। নামঘৰৰ মজিয়াত এজাক শিশুৰ দিহানাম পৰিৱেশন। বয়সত সৰু হলেও তেওঁলোকৰ প্ৰতিভাই গগণ চুম্বিছে। সকলোৱে প্ৰাণঢ়ালি গাইছে দিহানাম। শিশুসকলৰ মাজৰে দুজনমানে বজাইছে নেগেৰা, খোল আৰু তাল। গাঁওৰ জেষ্ঠ লোকসকলে জনোৱা মতে তেওঁলোকে উঠি অহা কণ কণ মইনা=মইনিহঁতক শিশুঅৱস্থাৰ পৰাই গুৰুদুজনাৰ আদৰ্শ আৰু কলা=সংস্কৃতিৰে অনুপ্ৰাণিত কৰি স্কুলীয়া শিক্ষাৰ লগতে নিজা কৃষ্টি সংস্কৃতি আৰু আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট কৰি তুলিবলৈ যত্ন কৰিছে। শিশুসকলেও হেপাহেৰে সকলোবোৰ আয়ত্ব কৰিছে। দেওবাৰে এই শিশুসকলে চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ আকাশ বতাহ দিহানামৰ ধ্বনিৰে মুখৰিত কৰি তুলিলে। পখিলা খেদা বয়সত এই সকল শিশুৰ প্ৰতিভাই সচাকৈ সকলোৰে মন উৎফুল্লিত কৰি তুলিবলৈ সক্ষম হৈছে। শিশুসকলে জনোৱামতে তেওঁলোকক এই ক্ষেত্ৰত আইতাক আৰু গাঁওখনৰ জেষ্ঠজনে যথেষ্ট সহায় কৰিছে।
0 Comments