Header Ads Widget

Responsive Advertisement

Sarupathar Co-District উদ্ঘাটন কৰিলে শ্ৰম মন্ত্ৰী Sanjoy Kishan || Sarupathar Co-District News Today

সৰুপথাৰ সমজিলাৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী সঞ্জয় কিশাণে।

ইতিহাসত পৰিণত হল ধনশিৰি মহকুমা। আজিৰে পৰা ধনশিৰি মহকুমা আতৰি সৰুপথাৰ সমজিলা হল। সমজিলা গঠনেৰে প্ৰশাসনিক সংস্কাৰক নতুন গতি দিয়াৰ লগতে সমজিলা ধাৰণাৰ প্রৱর্তনেৰে প্রশাসন ব্যৱস্থাক জনতাৰ কাষলৈ আৰু এখোজ লৈ যোৱাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰে। প্রশাসনিক সংস্কাৰৰ দিশত দেশৰ ভিতৰতে অসম এতিয়া প্রথম ৰাজ্য। সমগ্ৰ ৰাজ্যত প্ৰথম পৰ্যায়ত আজি ৩৯খন সমজিলা উদ্ঘাটন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই ৩৯খন জিলাৰ ভিতৰত সৰুপথাৰো অন্যতম। সেয়েহে উক্ত সিদ্ধান্ত অনুসৰি আজি সৰুপথাৰ সমজিলা উদ্ঘাটন কৰিলে শ্ৰম মন্ত্ৰী সঞ্জয় কিশানে। সৰুপথাৰ ৰংঘৰ ৰাজহুৱা ভৱনত আয়োজন কৰা সৰুপথাৰ সমজিলাৰ শুভ উদ্বোধনী সভাত মন্ত্ৰী সঞ্জয় কিশান, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত থাকি সমজিলা সন্দৰ্ভত ৰাইজক বিস্তাৰিত ৰূপত বৰ্ণনা দিয়ে। পৰৱৰ্তী সময়ত প্ৰতিকুল বতৰৰ মাজতেই নতুন ৰূপত প্ৰতিষ্ঠা কৰা পুৰণি ধনশিৰি মহকুমাধিপতিৰ কাৰ্যালয়টিক মন্ত্ৰী সঞ্জয় কিশানে সমজিলা আয়ুক্তৰ কাৰ্যালয় হিচাপে উদ্ঘাটন কৰে। এতিয়াৰে পৰা সৰুপথাৰবাসী ৰাইজে জিলা পৰ্যায়ৰ সকলোবিলাক কাম=কাজ সৰুপথাৰতে কৰিব পাৰিব। আজি প্ৰথম দিনটোত প্ৰতীকি হিচাবে দুজন ব্যক্তিক মন্ত্ৰী সঞ্জয় কিশানে জাতিগত প্ৰমাণপত্ৰ বিতৰণ কৰে। সমজিলা শুভ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী সঞ্জয় কিশান, সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে সমজিলাৰ সকলো বিষয়ববীয়া, সৰুপথাৰ অঞ্চলৰ বহুকেইজন জেষ্ঠ নাগৰিক আৰু যথেষ্ট সংখ্যক ৰাইজ উপস্থিত থাকে।

 

Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024