Header Ads Widget

Responsive Advertisement

Sarupathar Collegeৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ চাফাই অভিযান || Swachhata Hi Seva 2024


সৰুপথাৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ চাফাই অভিযান। সমগ্ৰ দেশতে যোৱা ১৭চেপ্তেম্বৰ তাৰিখৰ পৰা ২অক্টোবৰ তাৰিখলৈকে চলি থকা স্বচ্ছতা হী সেৱা আঁচনিৰ লগত সঙ্গতি ৰাখি সৰুপথাৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ গোটে আজি সৰুপথাৰ মহাবিদ্যালয়ৰ পৰা সৰুপথাৰ ৰেলৱে ষ্টেচনলৈকে স্বচ্ছতা হী সেৱাৰ এক সজাগতামূলক সমদল উলিয়াই। এই সমদলৰ জৰিয়তে তেওঁলোকে নিজৰ ঠাইডোখৰ তথা নিজৰ অঞ্চলটিক চাফ=চিকুণ কৰি সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰে। পৰৱৰ্তী সময়ত গোটটোৰ সদস্য সকলে সৰুপথাৰ ৰেলৱে ষ্টেচনৰ চৌহদত এক চাফাই অভিযান চলাই। এই অভিযানত সৰুপথাৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ প্ৰায় ৩০ গৰাকী ছাত্ৰ=ছাত্ৰীয়ে অংশ লয়।

Post a Comment

0 Comments

Sarupathar Live