Header Ads Widget

Responsive Advertisement

টেঙাহোলা গোঁহাই গাঁৱলৈ, Fashion Star of India2024ত Teen Grand Winnerৰ খিতাপ টেঙাহোলাৰ টীনা লাহনলৈ


সৰুপথাৰৰ টেঙাহোলা গোঁহাই গাঁৱলৈ গৌৰৱ কঢ়িয়ালে টিনা লাহনে। বিগত ১১ আৰু ১২চেপ্তেম্বৰত গোৱাত অনুষ্ঠিত হোৱা Fashion Star of India2024ত টীনাই Teen Grand Winnerৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। সৰুপথাৰ ডনবস্ক হাইস্কুলৰ নৱম মান শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰী টীনাই ফেশ্বন শ্ব'ৰ বিষয়ে বৰ্তমান সময়লৈকে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই। কেৱল মোবাইল ফোনত এই বিষয়ে বিভিন্ন অনুষ্ঠান চাই চাই নিজাববীয়াকৈ আগবাঢ়ি গৈছে। অৱশ্যে এই ক্ষেত্ৰত টীনাৰ পিতৃ=মাতৃয়ে সৰ্বতোপ্ৰকাৰে সহায় কৰি আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। টীনাই Traditional Roundত অসমৰ জাপি, তিনিটাকৈ বিহু আৰু মহাপুৰুষ শংকৰদেৱৰ এটি নৃত্য প্ৰদৰ্শন কৰি বিচাৰকৰ লগতে সকলো দৰ্শকক আকৰ্ষণ কৰিছিল।



 

Post a Comment

0 Comments

Sarupathar Live