Header Ads Widget

Responsive Advertisement

সাৱধান⚠️সৰুপথাৰত ভয়াবহ ৰূপত বৃদ্ধি পাইছে এবিধ গছ || Parthenium Plant Side Effects Assamese News

সৰুপথাৰত ভয়াবহ ৰূপত বৃদ্ধি পাইছে মাৰাত্মক পাৰ্থেনিয়াম গছ।

সৰুপথাৰত ভয়ঙ্কৰ ৰূপ লৈছে মানৱ জীৱনলৈ ভাবুকি কঢ়িওৱা পাৰ্থেনিয়াম গছ। এই পাৰ্থেনিয়াম গছে মানুহৰ শৰীৰত সৃষ্টি কৰে বিভিন্ন মাৰাত্মক ৰোগৰ। এই পাৰ্থেনিয়াম গছৰ ফুলবোৰ ফুলাৰ পিচত তাৰ ৰেণু বতাহত মিলি গ’লে বহু লোক জ্বৰ, কাহ, পানীলগাৰ উপৰি হাঁপানীৰ দৰে জটিল ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে৷ তদুপৰি মানুহৰ শৰীৰত চালৰ বেমাৰ, খজুৱতি, চালৰ কেঞ্চাৰ ৰোগ, শ্বাস=প্ৰশ্বাসৰ অসুবিধা ইত্যাদি হোৱাৰো সম্ভাৱনা থাকে। সৰুপথাৰ নগৰৰ সৰুপথাৰ নাওজান সংযোগী পথ, সৰুপথাৰ উৰিয়ামঘাট সংযোগী পথ, সৰুপথাৰ গেলাবিল সংযোগী পথ, সৰুপথাৰ বৰপথাৰ সংযোগী পথ ইত্যাদি পথ সমূহৰ অধিকাংশ ঠাইত পথৰ দুয়োকাষে ভয়াবহ ৰূপত বৃদ্ধি পাইছে এই পাৰ্থেনিয়াম গছ। তদুপৰি সৰুপথাৰ নগৰৰ ৰেলৱে ক্ৰচিংৰ সমীপত ৰেল লাইনৰ দুয়োকাষেও এই মাৰাত্মক গছবিধ দেখিবলৈ পোৱা গৈছে। সেয়েহে এচাম সমাজ সচেতন ৰাইজে মানৱ জীৱনলৈ ভাবুকি কঢ়িওৱা এই গছবিধ নাশ কৰিবলৈ চৰকাৰ আৰু ধনশিৰি মহকুমা প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছে।

 

Post a Comment

0 Comments

Sarupathar Live