Header Ads Widget

Responsive Advertisement

Sarupathar news today



সৰুপথাৰ ৰামধেনু মুকলি প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে জিলাভিত্তিত পেনচাক চিলাট প্ৰতিযোগিতা। গোলাঘাট জিলা পেনচাক চিলাট সন্থাৰ উদ্যোগত আয়োজন কৰা এই প্ৰতিযোগিতাখন পাঁচটা শাখাত অনুষ্ঠিত কৰা হৈছে আৰু গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। মুখ্য প্ৰশিক্ষক গগণ চন্দ্ৰ বড়োৱে জনোৱামতে এই প্ৰতিযোগিতাৰ পৰাই পদক পাবলৈ সক্ষম হোৱা প্ৰতিযোগীসকলক আগন্তুক সদৌ অসম ভিত্তিত পেনচাক চিলাট প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰিব। ইতিমেধ্য গোলাঘাট জিলাৰ পৰা বহুকেইগৰাকী প্ৰতিযোগীয়ে পেনচাক চিলাট প্ৰতিযোগিতাৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সোণ আৰু ব্ৰঞ্জৰ পদকেৰে সু=নাম কঢ়িয়াবলৈ সক্ষম হৈছে। ধনশিৰি মহকুমাত ২০১৮চনৰ পৰা বৰ্তমানলৈকে মহকুমাটোৰ কেইবাটাও প্ৰশিক্ষণ কেন্দ্ৰত ধাৰাবাহিকভাৱে পেনচাক চিলাট সমৰ কলাৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে।


 

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024