Header Ads Widget

Responsive Advertisement

Naojan raipatrhar news



চুঙাজান গাঁও পঞ্চায়তৰ ৯নং ৱাৰ্ডৰ কণ কণ শিশুসকলে বুনিয়াদী শিক্ষা গ্ৰহণ কৰা তথা ১৯৭৪চনতে প্ৰতিষ্ঠা লাভকৰা একমাত্ৰ চৰকাৰী শিক্ষানুষ্ঠান ৰায়পথাৰ প্ৰাথমিক বিদ্যালয়ে গৌৰৱউজ্বলভাৱে ৫০টা বছৰ অতিক্ৰম কৰিলে। সেয়েহে বিদ্যালয়খনে স্থানীয় ৰাইজৰ সহযোগত অতি উলহ-মালহেৰে সোণালী জয়ন্তী উৎসৱটি দুদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে আয়োজন কৰে। কাৰ্যসূচীৰ প্ৰথমদিনা পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, স্মৃতি স্তম্ভ উন্মোচনকে ধৰি ছাত্ৰ=ছাত্ৰী সকলৰ মাজত বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰে। অনুষ্ঠানৰ দ্বিতীয় দিনা পুৱাৰ ভাগত এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা সম্পন্ন কৰে। পৰৱৰ্তী সময়ত আমন্ত্ৰিত অতিথিৰ উপস্থিতিত এখনি মুকলি সভাৰ আয়োজন কৰে। উক্ত সভাত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক হেমকান্ত মহন্তক বিদ্যালয়খনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। মুকলি সভাৰ শেষত সন্ধিয়াৰ ভাগলৈ স্থানীয় শিল্পীৰ দ্বাৰা এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে।



Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024