দেশজননী মাতৃভাষাৰ বাবে আত্মবলিদান দিয়া মাধ্যম আন্দোলনৰ ছহিদ বলীন ৰাজখোৱাৰ মৃত্যু বাৰ্ষিকী তিথিত তেখেতক স্মৰণ কৰাৰ উদ্দেশ্যৰে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে সৰুপথাৰ চুকীয়াপথাৰ অঞ্চলত অৱস্থিত ছহিদ কুশল কোঁৱৰ হাইস্কুল প্ৰাঙ্গনত ছহিদ গৰাকীৰ বেদীত মাল্যঅৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ লগতে পৰৱৰ্তী সময়ত সমজুৱাকৈ নাম=প্ৰসঙ্গ কৰে। নামৰ মজিয়াত বলীন ৰাজখোৱাৰ পৰিয়ালবৰ্গৰ লগতে ছাত্ৰসন্থাৰ সকলো বিষয়ববীয়াই সমূহীয়াকৈ সেৱা লয়। উক্ত অনুষ্ঠানত নিশাৰ ভাগলৈ "শনিৰ প্ৰতিজ্ঞা পুৰণ, দুষ্মন্ত শকুন্তলাৰ পুনৰ মিলন" নামেৰে এখনি মহাপুৰুষীয়া ভাওনা মঞ্চস্থ কৰিব বুলি ছাত্ৰসন্থাৰং বিষয়ববীয়াই জানিবলৈ দিয়ে।
0 Comments