পূজাৰ বতৰত দুজন ছাত্ৰ নেতাই আৰম্ভ কৰিছে ফাষ্টফুডৰ দোকান।
ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ ৰজাপুখুৰী আঞ্চলিক সমিতিৰ সম্পাদক মুনীন শইকীয়া আৰু গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ সন্থাৰ সাংগঠনিক সম্পাদক পৰশমণি চুতীয়াই সৰুপথাৰ নগৰৰ ৰাজহুৱা খেলপথাৰৰ সন্মুখত মাখন নামেৰে এখনি ফাষ্ট ফুডৰ দোকান আৰম্ভ কৰিছে। দুয়োজন যুৱকে এই কৰ্ম কৰিবলৈ ধনশিৰি চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়া, সম্পাদক ৰক্তিম হাজৰিকা তথা চুতীয়া ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াৰ পৰা সহায় সহযোগিতা তথা প্ৰেৰণা লাভ কৰিছে। ছাত্ৰ সংগঠনৰ নেতা হৈও ৰাজপথৰ বিপ্লৱৰ লগতে জীৱন সংগ্ৰামৰ বিপ্লৱত নামি পৰাৰ বাবে মুনীন শইকীয়া আৰু পৰশমণি চুতীয়া সমগ্ৰ সৰুপথাৰ অঞ্চলতে এতিয়া বিশেষভাৱে চৰ্চিত হৈছে। বৰ্তমান অৱস্থাত তেওঁলোকৰ ফাষ্ট ফুডত বিভিন্ন খাদ্যৰ জুতি লবলৈ গ্ৰাহকৰ ভীৰ দেখা গৈছে। তেওঁলোকৰ এই কৰ্মত আন আন সতীৰ্থ সকলেও হাত উজান দিছে।
0 Comments