২নং গন্ধকৰৈত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উদযাপন।
আজি সুধাকণ্ঠ তথা অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ বৰ অসম গঢ়োতা ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ দ্বাদশ সংখ্যক মৃত্যু বাৰ্ষিকী। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰ অঞ্চলৰ শ্বহীদ কুশল কোঁৱৰৰ পূণ্য জন্মভূমি ২নং গন্ধকৰৈ গাঁওত ৰাইনো ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে ৰাইনো ক্লাবৰ প্ৰেক্ষাগৃহত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যু বাৰ্ষিকী উদযাপন কৰে। পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে আৰম্ভ কৰা অনুষ্ঠানভাগিৰ পৰৱৰ্তী সময়ত কণ কণ ছাত্ৰ=ছাত্ৰী সকলৰ মাজত মহামানৱ গৰাকীৰ বিষয়ে জ্ঞানৰ পোহৰ বিলোৱাৰ উদ্দেশ্যৰে চিত্ৰাংকন, কবিতা আবৃত্তি, কুইজ, আকস্মিক বক্তৃতা আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰে। ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ৰে পৰা দ্বাদশ বাৰৰ অনুষ্ঠিত কৰা এই অনুষ্ঠানভাগিয়ে নৱপ্ৰজন্মক মহান ব্যক্তি গৰাকীৰ অৱদান আৰু কৰ্মৰাজীৰ বিষয়ে অৱগত কৰাই আগবঢ়াই নিয়াৰ লগতে ২নং গন্ধকৰৈ গাঁওৰ ৰাইনো ক্লাব এণ্ড লাইব্ৰেৰীয়ে ড° ভূপেন হাজৰিকাক সকলোৰে অন্তৰত জীয়াই ৰখাৰ সুন্দৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে।
0 Comments