নৱমীৰ নিশা পথ দুৰ্ঘটনাত প্ৰাণ গল কৰ্দ্দৈগুৰি অঞ্চলৰ থাওচেন সন্দিকৈ নামৰ এজন যুৱকৰ।
নৱমী পূজাৰ নিশা পথ দুৰ্ঘটনাত প্ৰাণ গল বৰপথাৰ কৰ্দ্দৈগুৰি অঞ্চলৰ এজন ২১ বছৰীয়া যুৱকৰ। জানিব পৰা মতে থাওচেন সন্দিকৈ নামৰ যুৱকজনে কালি সন্ধিয়া চুঙাজান অঞ্চলৰ এজন বন্ধুৰ ঘৰলৈ নিজৰ পালচাৰ মটৰ চাইকেলেৰে ফুৰিবলৈ গৈছিল আৰু ওভটি আহোতে নাওজান বেতনি অঞ্চলত পথ দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুৰ মুখত পৰে। যুৱকজনৰ পিতৃয়ে জনোৱামতে থাওচেনে কালি হেলমেট পৰিধান নকৰাকৈ যোৱাৰ বাবেই মৃত্যুৰ মুখত পৰে। নিজৰ একমাত্ৰ পুত্ৰক অকালতে হেৰুওৱা পিতৃয়ে চকুলো টুকি টুকি নতুন প্ৰজন্মক হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল নচলাবলৈ আহ্বান জনাই। মেট্ৰিকত তিনটা আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত চাৰিটা বিষয়ত লেটাৰমাৰ্ক লৈ উত্তীৰ্ণ হোৱা থাওচেন সন্দিকৈয়ে জেবি কলেজৰ পৰা ৰাজনীতি বিভাগত স্নাতক ডিগ্ৰী লৈ বৰ্তমান দময়ত APSC Coaching লৈ আছিল। থাওচেনৰ ঘৰত এতিয়া কান্দোনৰ ৰোল। ওচৰ=চুৰীয়া ৰাইজে ভৰি পৰিছে থাওচেনৰ ঘৰ। মেধাৱী সম্পন্ন যুৱকজনৰ মৃত্যুত কৰ্দ্দৈগুৰি অঞ্চলৰ লগতে সমগ্ৰ ধনশিৰি মহকুমাতে গভীৰ শোকৰ ছাঁ পৰে। বৰ্তমান যুৱকজনৰ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হৈছে।
0 Comments