Header Ads Widget

Responsive Advertisement

Sarupathar padumoni news today

 



পুত্ৰৰ চিকিৎসাৰ বাবে সহায়ৰ হাত বিচাৰিছে একৰাকী অসহায়ী মাতৃৰ প্ৰাৰ্থনা।

পুত্ৰৰ চিকিৎসাৰ বাবে হৃদয়বান লোকৰ সহায় বিছাৰি কৰুণ বিননি এগৰাকী অসহায়ী মাতৃৰ। সৰুপথাৰ ২নং পদুমনি অঞ্চলৰ ৰমেশ ভগত আৰু মীনা ভগতৰ বৰপুত্ৰ মনোজ ভগত আজি পাঁচমাহ দিন বিচনাত পৰি আছে। ডাক্টৰৰ মতে মনোজৰ দুয়োটা কিডনি বিকল হৈ গল। উপাৰ্জনৰ নামত পিতৃ ৰমেশ ভগতে কেইটামান শাক=পাচলি বিক্ৰী কৰি ঘৰ চলাই আছিল। বৰপথাৰ জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষত পঢ়ি থকা পুত্ৰ মনোজৰ হঠাৎ এনেকুৱা হোৱাত পিতৃ=মাতৃৰ স্বৰগ ভাঙি মুৰত পৰাৰ নিচিনা অৱস্থা হল। তাৰ চিকিৎসাৰ নামত মাটি=বাৰী, গৰু=ছাগলী সকলো বিক্ৰী কৰি বিহাৰ, ডিমাপুৰ, গুৱাহাটী, বোকাজান ইত্যাদি ঠাইত চিকিৎসা কৰালে। কিন্তু কোনো সুফল নাপালে। বৰ্তমান তেওঁলোকৰ ঘৰৰ ভেটিটোৰ বাহিৰে পুত্ৰৰ চিকিৎসা কৰিবলৈ টকা=পইচা, সা=সম্পত্তি একোৱেই নাই। মনোজক ডায়েলাইচিচ কৰিবলৈ ডাক্তৰে পৰামৰ্শ আগবঢ়াইছে। কিন্তু অসহায়ী পৰিয়ালটোৰ ডায়েলাইচিচটো দুৰৰে কথা অহা=যোৱা কৰিবলৈও হাতত ধন নাই। সেয়হে মাতৃ মীনা ভগতে কৰযোৰে চকুলো টুকি টুকি ৰাইজৰ সহায় বিচাৰিছে। কোনো হৃদয়বান লোকে মনোজৰ চিকিৎসা কৰাবলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰিলে মাতৃ মীনা ভগতৰ সৰুপথাৰ পদুমনি অঞ্চলত থকা পাঞ্জাৱ নেচনেল বেংকৰ একাউণ্টত সহায় কৰিব পাৰিব। A/C No. 1723010095585,
IFSC Code- PUNB 0172320 নম্বৰত সহায় কৰিব পাৰিব।


Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024