Header Ads Widget

Responsive Advertisement

Naojan apdcl news 2023


নাওজানত ট্ৰেন্সফৰ্মাৰ মেৰামতি কৰোতে এজন লোকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু


মঙ্গলবাৰে নাওজান অঞ্চলত বিদ্যুপৃষ্ট হৈ এজন লোকৰ মৃত্যু ঘটে। জানিব পৰা তথ্য মতে চুঙাজান এম ভি পঞ্চায়তৰ গাৰো বস্তি নামৰ বিবদমান এলেকাৰ বাসিন্দা দাইয়োত মাৰাক নামৰ লোক এজনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যবৰণ ঘটে। লোকজন বিদ্যুৎ বিভাগৰ নাওজান নিয়ন্ত্ৰণ কক্ষত অস্থায়ীভাৱে কৰ্মৰত আছিল। মঙ্গলবাৰে তেখেতে নাওজান অলিম্পিক স্কুলৰ ওচৰতে থকা এটা বিকল ট্ৰেন্সফৰ্মাৰ মেৰামতি কৰি থাকোতে ইলেভেন কেবি তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হয়। দাইয়োত মাৰাকক ততাতৈয়াকৈ সৰুপথাৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰিছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। বুধবাৰে দাইয়োত মাৰকাৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে। বৰ্তমান অৱস্থাত দাইয়োত মাৰাকৰ পৰিয়ালবৰ্গ শোকত ভাঙি পৰিছে আৰু কান্দোনৰ ৰোল উঠিছে। দাইয়োত মাৰাকৰ ঘৰৰ লগতে আৰ্থিক অৱস্থা একেবাৰেই দুৰ্বল। তেখেতে পৰিয়ালত তেওঁৰ পত্নী আৰু দুটি সন্তান এৰি থৈ গৈছে। অসহায়ী পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন কৰা ব্যক্তিজনৰ মৃত্যু হোৱাত সৰগ ভাঙি মুৰত পৰাৰ নিচিনা অৱস্থা হল। ওচৰ চুবুৰীয়ালোকে  পৰিয়ালটোৰ বাবে চৰকাৰক সহায় আগবঢ়াবলৈ অনুৰোধ জনাইছে।

 

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024