Header Ads Widget

Responsive Advertisement

Ultrasound center in sarupathar




সৰুপথাৰ নগৰত বৃহস্পতিবাৰে শুভাৰম্ভ কৰা হল এখনি আল্ট্ৰা চাউণ্ড প্ৰতিষ্ঠান। ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সমীপত আৰম্ভ কৰা এই প্ৰতিষ্ঠানখন মুকলি কৰে সৰুপথাৰ পৌৰসভাৰ পৌৰনেত্ৰী উষা আগৰৱালাই। এই কেন্দ্ৰটি মুকলি হোৱাত সৰুপথাৰবাসী ৰাইজ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে উপকৃত হব। যিহেতু এটি আল্ট্ৰা চাউণ্ড কৰিবলৈ প্ৰসূতি মহিলাসকলকে ধৰি সকলো লোক গোলাঘাট বা ডিমাপুৰলৈ দৌৰিব লগা হৈছিল। ৰাইজক সেৱা কৰা মানসেৰে আৰম্ভ কৰা এই প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীজনে জনোৱা মতে সপ্তাহটোৰ মঙ্গলবাৰৰ বাহিৰে প্ৰতিটো দিনতেই আল্ট্ৰা চাউণ্ড কৰিব বুলি জানিবলৈ দিছে। লগতে এই প্ৰতিষ্ঠানত গোলাঘাট আৰু যোৰহাটৰ অভিজ্ঞ চিকিৎসক থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে।






Post a Comment

0 Comments

Sarupathar Live