Header Ads Widget

Responsive Advertisement

Uriamghat koraighat news


উৰিয়ামঘাট অঞ্চলৰ কৰৈঘাট পঞ্চায়তৰ অন্তৰ্গত ফুলবাৰী অঞ্চলৰ এটি গড়কাপ্তানি পথে জ্বলা কলা খোৱাইছে ৰাইজক। দৈনিক শতাধিক শীলভৰ্তি ডাম্পাৰ চলাচল কৰাত চৌদিশে ধুলিময় হৈ পৰিছে অঞ্চলটো। পথটিৰ কাষতে থকা ফুলবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ=ছাত্ৰী তথা সৰ্বসাধাৰণ ৰাইজে ধুলিৰ বাবে অহা=যোৱা কৰাত জীয়াতু ভুগিছে। অস্বাস্থ্যকৰ পৰিৱেশত বিদ্যালয়ত পঢ়িব লগা হোৱাত চিন্তিত হৈ পৰিছে ছাত্ৰ=ছাত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজ। কেইবা বছৰ ধৰি নিৰ্মাণ নোহোৱা পথটো সকলোফালে জড়াজীৰ্ণ হৈ পৰিছে। বাৰিষা কালত বোকা আৰু খৰালিৰ দিনত ধুলিৰ বাবে অতিষ্ঠ হৈ পৰিছে সকলো পথাচাৰি। সেয়েহে এই বিদ্যাপুৰ, ফুলবাৰী হৈ উৰিয়ামঘাটলৈ অহা গড়কাপ্তানি পথটো অতি শীঘ্ৰে গড়কাপ্তানি বিভাগ তথা অসম চৰকাৰক নিৰ্মাণ কৰি ৰাইজক ধুলিৰ পৰা পৰিত্ৰাণ দিবলৈ অনুৰোধ জনাইছে।

Post a Comment

0 Comments

Sarupathar Live