Header Ads Widget

Responsive Advertisement

Bornil cultural program uriamghat news 2023



 গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱতী উৰীয়ামঘাট অঞ্চলত দুদিনীয়াকৈ অনুষ্ঠিত হয় বৰ্ণিল সাংস্কৃতিক সমাৰোহ  । বৰ্ণিল সাস্কৃতিক সমাৰোহৰ দ্বিতীয় দিনা কায্যসূচী অনুসৰি শ্বহীদ বেদী উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই , লগতে ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই । উক্ত সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশিষ্ট  অধিবক্তা নেকীবোৰ জামান, গণশিল্পী মহেন্দ্ৰ হাজৰিকা ,বড়ো কছাৰী কল্যান স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহি সদস্য প্ৰদীপ স্বৰ্গীয়াৰ, গোলাঘাট দেৱৰাজ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক দীনেশ গগৈৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে । লগতে অনুষ্ঠানটোত বড়ো,নেপালী, জিকিৰ আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ বহুকেইজন গাঁৱপ্ৰধান,বিষয়ববীয়া আৰু নগা জনগোষ্টীয় কৃষ্টি দলৰ অংশ গ্ৰহণে বৰ্ণিল সাংস্কৃতিক সমাৰোহৰ সৌষ্ঠৱ বৃদ্ধি কৰা পৰিলক্ষিত হয় ।


Post a Comment

0 Comments

Sarupathar Live

মধ্যমপুৰত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি | Madhyampur Rakh Puja 2024 | Sarupathar Madhyampur Rakh 2024