বৰপথাৰ উশ্বো ক্লাৱৰ বৃহৎ সফলতা। যোৱা ২৭/২৮ আৰু ২৯জানুৱাৰী তাৰিখে গুৱাহাটীৰ ৰাণী হাইস্কুল প্ৰাঙ্গনত অনুষ্ঠিত হোৱা নৱম সংখ্যক ৰাষ্ট্ৰীয় থাই বক্সিং প্ৰতিযোগিতাত বৰপথাৰ উশ্বো ক্লাৱৰ পৰা এটি ২৩জনীয়া দলে অংশগ্ৰহণ কৰি এই বৃহৎ সফলতা লাভ কৰে। দলটোৱে ৯টা সোণ, চাৰিটা ৰূপ আৰু ৭ টা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। ভাৰতবৰ্ষৰ প্ৰায় ২২খন ৰাজ্যই অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখনত অসম দলটিয়ে শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে। ইয়াৰ উপৰিও বৰপথাৰ উশ্বো ক্লাৱৰ পৰা যোৱা মুখ্য প্ৰশিক্ষক গোলাপ দৈমাৰীয়ে এই প্ৰতিযোগিতাতে ৰাষ্ট্ৰীয় ৰেফাৰীৰ স্বীকৃতি লাভ কৰে। বৰপথাৰ উশ্বো ক্লাৱৰ পৰা যোৱা ২৩জনীয়া দলটোত আছিল প্ৰতিযোগীসকলৰ লগতে মুখ্য প্ৰশিক্ষক আৰু দুজনকৈ টীম লিডাৰ। আজি দলটো ৰেলযোগে সৰুপথাৰ ৰেলৱে ষ্টেচনত উপস্থিত হয় আৰু বিভিন্ন দল=সংগঠনে তেওঁলোকক ফুলাম গামোছাৰে আদৰণি জনায়।
0 Comments