Header Ads Widget

Responsive Advertisement

Amarendra sandra paul



সৰুপথাৰ নগৰৰ ৯ নং ৱাৰ্ডৰ বাসিন্দা তথা ব্যৱসায়ী অমৰেন্দ্ৰ চন্দ্ৰ পালে আজিৰ পৰা ১৮ বছৰ পূৰ্বেই আৱিস্কাৰ কৰিছিল "অমৃত ৰস" নামৰ এবিধ বিশেষ পানীয়। অসমৰ বিভিন্ন প্ৰান্তত ৰাইজে উচ্চ প্ৰশংসা কৰা এইবিধ পানীয় কিন্তু কেৱল প্ৰশংসাতে সীমাবদ্ধ থাকিল। নিজে তৈয়াৰ কৰা এটি মেচিনৰ জড়িয়তে বিভিন্ন ঔষধি গুণ সম্পন্ন তথা মানুহৰ ঘৰৰ বাৰীত সততে গেলি পচি যোৱা পেলনীয়া থলুৱা কাজি নেমু, ৰবাব টেঙা, কৰুনা টেঙা, গুল নেমু, বিলাহী, কুঁহিয়াৰ, কৰদৈ, ৰহদৈ, মৌচুমী টেঙা, সুমথিৰা, নগা টেঙা, চকলা টেঙা, জৰা টেঙা, ৰাম টেঙা, আঙুৰ, ডাব নাৰিকল, কঁঠাল ইত্যাদি চেপি এই বিশেষ পানীয় বিধৰ আৱিস্কাৰ কৰিছিল। তেখেতে পানীয় বিধৰ নাম ৰাখিছিল "অমৃত ৰস"। তেওঁ এই পানীয় বিধ ৰাইজৰ মাজলৈ নিয়াৰ মানসেৰে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা মেলা, বজাৰ আৰু প্ৰদৰ্শীনতো নিছিল। তেওঁৰ অমৃত ৰস পানীয় খাই সকলোৱে উচ্চ প্ৰশংসাও কৰিছিল। ২০২১ চনত গোলাঘাট জিলাৰ বোকাখাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কৃষি=উদ্যান শস্য মেলাত অমৰেন্দ্ৰ চন্দ্ৰ পালৰ নিজৰ সৃষ্টি মেচিনটোৱে সৰ্বশ্ৰেষ্ঠ মেচিন ৰূপে স্বৃকীতিও লাভ কৰিছিল। কিন্তু আৰ্থিকভাৱে দুৰ্বল তথা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা ব্যক্তিজনে তেওঁৰ পানীয়বিধক বিশ্ব দৰবাৰত ফেৰ মাৰিবলৈ সামথ্য গোটাব নোৱাৰিলে। আজিলৈকে নাপালে কোনোধৰণৰ চৰকাৰী সাহাৰ্য্য। যাৰ ফলত মানসিক ভাৱে ভাঙি পৰিল ব্যক্তিজন। সেয়েহে মনৰ ক্ষোভ আৰু দুখত ৰবিবাৰে এক আনুষ্ঠানিকতাৰ মাজেৰে ৰাইজক নিমন্ত্ৰণ কৰি আনি চৰ্বত বিধ খোৱালে আৰু তেওঁৰ চৰ্বত বিধক বিদায় দিলে।

Post a Comment

0 Comments

Sarupathar Live