পি.এম.শ্ৰী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হীৰক জয়ন্তী সমাৰোহৰ লাইখুটা স্থাপন।
আগন্তুক ২৬, ২৭ আৰু ২৮ ডিচেম্বৰ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে পি.এম.শ্ৰী সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত হীৰক জয়ন্তী সমাৰোহ অনুষ্ঠানৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইতিমধ্যে হীৰক জয়ন্তী সমাৰোহৰ উদযাপন সমিতিয়ে হীৰক জয়ন্তীৰ লগত সঙ্গতি ৰাখি বিদ্যালয়খনত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা, চিৰসেইজ গীতৰ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু মাৰাথান দৌৰ প্ৰতিযোগিতাৰ আয়োজন সম্পন্ন কৰিলে। আনহাতে হীৰক জয়ন্তী সমাৰোহৰ বাবেও যাৱতীয় সকলোধৰণৰ প্ৰস্তুতি দ্ৰুতগতিত চলিছে। আজি বিদ্যালয়খনৰ খেলপথাৰত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ দ্বাৰা হীৰক জয়ন্তী সমাৰোহৰ লাইখুটা স্থাপন কৰে।

0 Comments