চুঙাজানৰ তৰুণ শইকীয়াই ভাৰতীয় সৈনিক হিচাপে সুদীর্ঘ ২৪ বছৰে সেৱা আগবঢ়াই আজি অৱসৰ গ্ৰহণ কৰি স্ব-গৃহলৈ
ভাৰতীয় সৈনিক হিচাপে সুদীর্ঘ ২৪ বছৰে দেশ মাতৃৰ প্ৰতি নিজ সেৱা আগবঢ়াই অৱসৰ গ্ৰহণ কৰে সৰুপথাৰ সমজিলাৰ চুঙাজানৰ শ্রী তৰুণ শইকীয়াই। আজি সৰুপথাৰ ৰেলৱে ষ্টেচনত ২ নং মৰাজান আৰু চুঙাজান গাঁওবাসীয়ে স্ব-গৃহলৈ উষ্ম আদৰণি জনাই।২০০১ চনতেই অসম ৰেজিমেণ্টৰ হৈ ভাৰতীয় সেনাত যোগদান কৰিছিল তৰুণ শইকীয়াই। ভাৰত মাতাৰ হৈ সুদীৰ্ঘ ২৪ বৰ্ষ এজন বীৰ জোৱান হিচাপে সেৱা আগবঢ়োৱা তৰুণ শইকীয়াই ৩১ ছেপ্তেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰে। চুঙাজান অঞ্চলৰ পিতৃ সৰুপায় শইকীয়া আৰু মাতৃ সৰুমাই শইকীয়াৰ পুত্ৰ তৰুণ শইকীয়াক মৰাজান গাওঁবাসীয়ে সৰুপথাৰৰ ৰেলৱে ষ্টেচনত উষ্ম আদৰণি জনাই স্বগৃহলৈ নিয়ে। প্ৰাক্তন সেনা জোৱানজনক ৰাইজে ষ্টেচনতেই সম্বৰ্ধনা জনাই 'ভাৰত মাতা কি জয়' ধ্বনিৰে জনায় আদৰণি। কনিষ্ঠজনৰ পৰা জ্যেষ্ঠজনলৈ সকলোৱে জনালে সম্বৰ্ধনা। তেখেতক কাষত পাই উৎফুল্লিত গাওঁবাসীৰ লগতে অঞ্চলবাসী।

0 Comments