সৰুপথাৰত উন্নত চিকিৎসাসেৱা প্ৰদানেৰে জনপ্ৰিয়তা অৰ্জন কৰিছে Oasisয়ে।
সৰুপথাৰ অঞ্চলত খুউব কম সময়ৰ ভিতৰতে উন্নত চিকিৎসাসেৱা প্ৰদানেৰে ৰাইজৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে Oasis চিকিৎসাকেন্দ্ৰই। সৰুপথাৰ নগৰৰ ষ্টেট বেংকৰ সন্মুখভাগত চিকিৎসাসেৱা আগবঢ়োৱা প্ৰতিষ্ঠানটোৱে স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় বিভিন্ন সেৱা উপলব্ধ কৰাৰ লগতে ৰুগীয়াল ব্যক্তি সকলে যাতে স্বাস্থ্য সম্বন্ধীয় সকলো সমস্যাৰ সমাধান যাতে একে ঠাইতে লাভ কৰিব পাৰে তাৰবাবে Oasisয়ে আজি কিছুদিন পূৰ্বে সৰুপথাৰ নগৰৰ বাছ ষ্টেণ্ডৰ সমীপত বিভিন্ন অত্যাধুনিক সেৱাৰে আৰু এটি চিকৎসাকেন্দ্ৰ গঢ়ি তুলিছে। Oasis চিকিৎসাকেন্দ্ৰত ৰুগীয়াল ব্যক্তিৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আল্ট্ৰাচাউণ্ড, ইচিজি, ডিজিটেল এক্সৰে, তেজ পৰীক্ষা, ৰোগীৰ বাবে বিচনা আৰু নেমুলাইজেচনৰ সুবিধা উপলব্ধ কৰিছে। বৰ্তমান সময়ত প্ৰতিষ্ঠানটোত মেডিচিন, গাইন'লজি, পেডিয়াট্ৰিকচ্, অৰ্থপেডিকচ, ডায়েবেট'লজিষ্ট, ইউৰ'লজি, জেনেৰেল ফিজিচিয়ান, ফিজিঅ' থেৰাপি ইত্যাদি বিভিন্ন বিভাগৰ বহুকেইজন অভিজ্ঞ চিকিৎসকে ৰোগী চোৱা-চিতা কৰি আছে। আনহাতে অএচিচত সকলোধৰণৰ ঔষধ পাতিও উপলবদ্ধ। ইতিমধ্যে Oasis প্ৰতিষ্ঠানটোৱে সৰুপথাৰ অঞ্চলত চিকিৎসাৰ ক্ষেত্ৰত সুন্দৰভাৱে সেৱা প্ৰদান কৰি ৰাইজৰ মাজত জনপ্ৰিয়তা লাভ কৰাৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত ৰুগীয়াল ব্যক্তিসকলক বিশেষভাৱে সকাহ প্ৰদান কৰিছে। এই Oasis চিকিৎসাকেন্দ্ৰৰ বিষয়ে সৱিশেষ জানিবলৈ যোগাযোগ কৰক 9365515398 মোবাইল নম্বৰত।
0 Comments