Header Ads Widget

Responsive Advertisement

সৰস্বতী পূজাত Selfie তোলাত ব্যস্ত নাথাকি, লুচি বেলিছে ছাত্ৰী সকলে || Saraswati Puja News 2025



সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৰস্বতী পূজাত উখলমাখল পৰিৱেশ।

আজি সৰস্বতী পূজা। সৰস্বতী পূজা বুলিলেই ছাত্ৰ-ছাত্ৰীৰ মাজত এক সুকীয়া আনন্দই বিৰাজ কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো অতি উলহ-মালহেৰে সৰস্বতী পূজাৰ আয়োজন কৰা দেখা গল। পূজাভাগত ছাত্ৰ-ছাত্ৰী সকলে সৰস্বতী মাৰ আশীষ কামনা কৰি ধুপ চাকি জ্বলাই সেৱা লয়। আনহাতে সৰস্বতী পূজা বুলিলে লুচি ভাজি খোৱাৰ আমেজ হয়তো সকলোৱেই জানে। সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ কোনোৱে যদি লুচি বেলিছে, কোনোৱে আকৌ বিলাইছে। শিক্ষক-শিক্ষয়িত্ৰী সকলেও ছাত্ৰ-ছাত্ৰীৰ সমানে সহযোগিতা আগবঢ়োৱাৰ লগতে সকলোখিনি চোৱা-চিতা কৰিছে। ইফালে ৰঙবিৰঙৰ কাপোৰ পৰিধান কৰি অহা ছাত্ৰী সকলে পূজাৰ বিশেষ দিনটোত সমনীয়াৰ সৈতে একপি চেলফি উঠি আনন্দ কৰিছে। মুঠৰ ওপৰত সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উখলমাখল পৰিৱেশৰ মাজেৰে অতি উলহ-মালহেৰে সুন্দৰ আৰু নিয়াৰিকে সৰস্বতী পূজাভাগ সম্পন্ন কৰে


 

Post a Comment

0 Comments

Sarupathar Live