উৰিয়ামঘাটৰ বুবু ৰিয়ানে নিজ ঘৰতে মুক্তি দিলে "তইয়ে মোৰ কলিজা" নামৰ এটি গীত।
উৰিয়ামঘাট সোণালী নগৰ অঞ্চলৰ এজন যুৱক। নাম বুবু ৰিয়ান। বুবু ৰিয়ানে হাইস্কুলত পঢ়ি থকা দিনৰে পৰা গীত গাবলৈ চেষ্টা কৰিছিল। তেওঁ বহুতো কষ্টৰ মাজেৰে নিজকে এজন প্ৰতিষ্ঠিত কণ্ঠশিল্পী কৰাৰ ক্ষেত্ৰত আগুৱাই নিছে। ইতিমধ্যে তেওঁ অসমৰ বহুতো মঞ্চত গীত পৰিৱেশন কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। বুবু ৰিয়ানৰ কণ্ঠটিও বৰ মিঠা। তেওঁ আজি সোণালী নগৰৰ নিজা বাসগৃহত ওচৰ-চুবুৰীয়া ৰাইজৰ উপস্থিতিত "তইয়ে মোৰ কলিজা" শীৰ্ষক এটি গীত আনুষ্ঠানিকভাৱে মুক্তি দিয়ে। বিহুসুৰীয়া আধুনিক গীতটোত তেওঁ নিজে কণ্ঠদান কৰাৰ লগতে গীতটোৰ কথা-সুৰ তেওঁৰ নিজৰ। গীতটোত সঙ্গীত প্ৰদান কৰিছে আকাশ প্ৰীতমে। গীতটো মুক্তি দিয়াৰ পিছত তেওঁ অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদ কামনা কৰাৰ লগতে সকলো অসমবাসী ৰাইজে তেওঁৰ এই "তইয়ে মোৰ কলিজা" গীতটো আকোৱালি লব বুলি আশা প্ৰকাশ কৰিছে। প্ৰচাৰ বিমুখ হৈ থকা এইজন যুৱক পেছাত এজন সাধাৰণ পকা মিস্ত্ৰি। তথাপিও নিজ সাধনা আৰু আত্মবিশ্বাসৰ বলত তেওঁ গীতৰ ক্ষেত্ৰখনত আগুৱাই যাবলৈ যত্ন কৰিছে। বুবু ৰিয়ানে ইয়াৰ পূৰ্বেও অসমবাসী ৰাইজৰ মাজলৈ দুটাকৈ গীত আগবঢ়াই দিছিল। "তইয়ে মোৰ কলিজা" গীতটো তেওঁৰ তৃতীয়টো গীত। আজি গীতটো মুক্তি দিয়াৰ সময়ত বুবু ৰিয়ানৰ ঘৰত ওচৰ চুবুৰীয়া ৰাইজে তেওঁক যথেষ্ট উৎসাহিত কৰে আৰু গীতটোৰ তালে তালে নাচি বাগি সকলোৱে আনন্দ উল্লাস কৰা দেখা যায়।
0 Comments