আন্তৰ্জাতিক কন্যা শিশু দিৱস উপলক্ষে সৰুপথাৰত চিত্ৰাঙ্কণ প্ৰতিযোগিতা।
গোলাঘাট জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত তথা মনখুশী কলাকেন্দ্ৰৰ সহযোগত আজি সৰুপথাৰ কালিবাড়ী হাইস্কুল প্ৰাঙ্গনত এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰে। মহিলা শিশু উন্নয়ন বিভাগে বেটী বচাও, বেটী পঢ়াও আঁচনিৰ লগত সঙ্গতি ৰাখি আন্তৰ্জাতিক কন্যা শিশু দিৱসটি বিগত ২অক্টোবৰ তাৰিখৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি আহিছে। সাম্প্ৰতিক সময়ত নাৰী শিক্ষাৰ গুৰুত্ব আৰু মহিলা সৱলীকৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গোলাঘাট জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগে বিভিন্ন সজাগতামূলক পদক্ষেপ হাতত লৈছে। যিহেতু বৰ্তমান সময়ত সমাজত নাৰী নিৰ্যাতন আৰু কন্যা শিশুৰ ওপৰত বিভিন্ন অত্যাচাৰ চলি থকা ঘটনা যথেষ্ট বৃদ্ধি পাইছে, গতিকে এইসমূহ ৰোধ কৰাৰ উদ্দেশ্যৰে কন্যা শিশুসকলক ছাত্ৰাৱস্থাৰ পৰাই শৈক্ষিক, শাৰীৰিক আৰু মানসিকভাৱে সবল কৰি তুলিবলৈ মহিলা আৰু শিশু উন্নয়ন বিভাগে নানান পদক্ষেপৰ জৰিয়তে জনসাধাৰণক সজাগ কৰি তুলিবলৈ প্ৰচেষ্টা চলাইছে। আজি কালিবাড়ী হাইস্কুলত আয়োজন কৰা চিত্ৰাঙ্কণ প্ৰতিযোগিতাখনি তিনিটা শাখাত অনুষ্ঠিত কৰে আৰু সৰুপথাৰ অঞ্চলৰ যথেষ্ট সংখ্যক ছাত্ৰ=ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
0 Comments