Header Ads Widget

Responsive Advertisement

No Helmet No Fuel | হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহনত তেল ভৰাব নোৱাৰিব | Sarupathar News Today | News


হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহনত তেল ভৰাব নোৱাৰিব পেট্ৰল পাম্পত।

সাৱধান, আপুনি হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহনত তেল ভৰাম বুলি পেট্ৰল পাম্পলৈ গৈছে নেকি? তেতিয়া হলে আপুনি তেল নাপাব। কাৰণ, এতিয়াৰে পৰা তেল ডিপুত হেলমেট নিপিন্ধাকৈ গলে দুচকীয়া বাহনত ভৰাব নোৱাৰিব পেট্ৰল। গোলাঘাট জিলাৰ জিলা আয়ুক্তই কালিৰে পৰা জাৰি কৰিছে এই নিৰ্দেশনা। জিলাখনৰ প্ৰতিটো পেট্ৰল পাম্পলৈ প্ৰেৰণ কৰিছে এই নিৰ্দেশনা। গতিকে এতিয়াৰে পৰা আপোনাৰ দুচকীয়া বাহনত তেল ভৰাবলৈ গলে হেলমেট পিন্ধিহে যাওঁক। ৰৱ ৰৱ আৰু শুনক এই নিৰ্দেশনাতে বটল আৰু জাৰকিনত তেল দিয়াও বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। গতিকে আগৰ নিচিনাকৈ বটল আৰু জাৰকিনত তেল ভৰাম বুলি গলে তেল ডিপুৱে আপোনাক তেল নিদিয়ে।

 

Post a Comment

0 Comments

Sarupathar Live

আগন্তুক ডিচেম্বৰ মাহৰ ২৭ আৰু ২৮ তাৰিখে Northeast Best Dancer আৰু Northeast Fashion Starৰ Semi Finale