Header Ads Widget

Responsive Advertisement

Sarupathar gandhakarai news 2024




সৰুপথাৰ নগৰৰ ১নং গন্ধকৰৈ গাঁৱৰ এটি ঐতিহ্যপূৰ্ণ শিৱ মন্দিৰ। কেশৱ শইকীয়া নামৰ এজন লোকে সপোনত দেখা পোৱা দিনাৰে পৰা সৰুপথাৰ কুশল কোঁৱৰ তিনি আলিত প্ৰায় ৩০বছৰ দিন ধৰি পূজা=অৰ্চনা কৰি আহিছে। শিৱ মন্দিৰটিৰ এক সুকীয়া তাৎপৰ্য আছে। মন্দিৰটিত শুদ্ধ আৰু পবিত্ৰ মনেৰে শিৱ বাবাক পূজা কৰা লোক সকলে সদায় সু=ফল লাভ কৰি আহিছে। এটি বছৰ পূৰ্বে কিছু কাৰণবশত কুশল কোঁৱৰ তিনি আলিৰ পৰা স্থানান্তৰ কৰি ১নং গন্ধকৰৈ গাঁৱত প্ৰতিষ্ঠা কৰা হল। তাতে কেশৱ শইকীয়াই চালুকীয়াকৈ তেওঁৰ পূজা অৰ্চনা কৰি গৈছিল। বৰ্তমান সময়ত মন্দিৰটি সেই স্থানতে সৰুপথাৰ নগৰৰ চন্দ্ৰ লহকৰ নামৰ এজন ধৰ্মীয়প্ৰাণ লোকে সম্পূৰ্ণ নিজা খৰছত আতক=ধুনীয়াকৈ নিৰ্মাণ কৰি দিলে। বুধবাৰে নৱনিৰ্মিত শিৱ মন্দিৰভাগ সম্পূৰ্ণ ধৰ্মীয় নিয়ম=নীতিৰে ৰাইজৰ সহযোগত মুকলি কৰাৰ লগতে প্ৰাণ প্ৰতিষ্ঠা কৰা হল। মন্দিৰটিত বুধবাৰে হোম যজ্ঞকে ধৰি সুন্দৰভাৱে বিভিন্ন পূজা অৰ্চনাৰ কাম সম্পন্ন হয়। একেধাৰে প্ৰায় ৩০বছৰ দিন শিৱ বাবাৰ পূজাৰ কামত জড়িত হৈ থকা পূজাৰী কেশৱ শইকীয়াই তেওঁৰ মন্দিৰভাগ সুন্দৰকৈ নিৰ্মাণ কৰি দিয়াৰ বাবে চন্দ্ৰ লহকৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই। লগতে চন্দ্ৰ লহকৰ আৰু শিৱ লিংগভাগ আগবঢ়োৱা দুয়োজন ব্যক্তিকে ধৰ্মীয় বস্ত্ৰৰে সন্মান যাঁচে। ১নং গন্ধকৰৈ গাঁওত মন্দিৰভাগ সুন্দৰকৈ নিৰ্মাণ কৰি দিয়া বাবে গাঁওবাসী ৰাইজেও চন্দ্ৰ লহকৰক কৃতজ্ঞতা জনাইছে। বুধবাৰে মন্দৰটিত যথেষ্ট সংখ্যক স্থানীয় ৰাইজে পূজা অৰ্চনা কৰি চাকি=বন্তি জ্বলাই।


 

Post a Comment

0 Comments

Sarupathar Live

চৰাইবাহী বৈষ্ণৱজ্যোতি নামঘৰৰ মজিয়াত শিশুৰ দিহানাম || Naojan Korigaon News Today || Naojan News 2024