Header Ads Widget

Responsive Advertisement

Sarupathar big breaking news


সৰুপথাৰ নলনিত যোৱা নিশা সংঘটিত হয় ভয়ংকৰ ঘটনা। বিবেক এক্সপ্ৰেছ নামৰ চলন্ত ৰেলৰ পৰা এগৰাকী মহিলাক গতিয়াই দুৰ্বৃত্তই কাঢ়ি নিলে বেগ। জানিব পৰা তথ্য মতে শদিয়াৰ পৰা প্ৰভাতী বৰুৱা গগৈ নামৰ এগৰাকী ৫১বছৰীয়া অঙ্গনবাড়ী কৰ্মী সহকৰ্মী চাৰিগৰাকীৰ সৈতে বিবেক এক্সপ্ৰেছেৰে গুৱাহাটী অভিমুখে গৈ আছিল। নিশা প্ৰায় ১মান বজাত সৰুপথাৰৰ নলনিৰ সমীপত এটি দুৰ্বৃত্তই মহিলা গৰাকীৰ পৰা তেওঁৰ বেগটো কাঢ়ি নিয়ে। মহিলা গৰাকীয়ে দুৰ্বৃত্তজনক খেদি যোৱাত তেওঁক ৰেলৰ পৰা গতিয়াই পেলাই দিয়ে আৰু দুৰ্বৃত্তজন সেই স্থানৰ পৰা পলায়ন কৰে। মহিলা গৰাকীয়ে শৰীৰৰ কেইবাটাও অংশত আঘাটপ্ৰাপ্ত হল যদিও কোনোমতে ওচৰৰে প্ৰদীপ তালুকদাৰ নামৰ এজন ব্যক্তিৰ ঘৰত আশ্ৰয় লয়। মহিলা গৰাকীৰ বেগটোত টকা=পইছাৰ লগতে যাৱতীয় নথি=পত্ৰ, মোবাইল ফোন আছিল। বৰ্তমান মহিলা গৰাকীৰ লগত পৰিয়ালৰ লোকৰ যোগাযোগ হোৱাৰ লগতে ৰেল বিভাগৰ ব্যক্তি উপস্থিত হৈছে আৰু মহিলা গৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে সৰুপথাৰ সমূহীয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। কিছু আঘাট পাইছে যদিও মহিলা গৰাকী বৰ্তমান সুৰক্ষিত।

 

Post a Comment

0 Comments

Sarupathar Live