কা বলবৎ হোৱাৰ লগে লগেই সমগ্ৰ অসমৰ লগতে সৰুপথাৰতো তীব্ৰ প্ৰতিবাদ। ৩০জনগোষ্ঠীৰ আহ্বান মৰ্মে সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সৰুপথাৰ নগৰৰ শ্বহীদ বেদীৰ সমীপত জোৰদাৰ প্ৰতিবাদ সাব্যস্ত। সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই কাৰ প্ৰতিলিপি দাহ কৰি কা আমি নামানো, ইনক্লাৱ জিন্দাবাদ, বিজেপি গ' বেক, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ ইত্যাদি ধ্বনিৰে সৰুপথাৰ নগৰৰ ৰাজপথ কপাই তোলে। সৰুপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক শিৱাশীষ শৰ্মাই কয়= বিজেপি চৰকাৰখনে কা বলবৎ কৰি অসমৰ ওপৰত জোৰ জোলোমকৈ অবৈধ বিদেশীৰ বোজা জাপি দিছে। কিন্তু, অসমখন অবৈধ বিদেশীৰ বোজা লবলৈ ডাষ্টবিন নহয়। কা আমি মনা নাই আৰু কা আমি নামানো। আমাক চৰকাৰী চাকৰি নালাগে, দৰকাৰ হলে জেল যাবলৈ সাজু। অনাগত সময়ত আমি ইয়াতকৈও জঙ্গী আন্দোলন কৰিবলৈ সাজু।
0 Comments