সৰুপথাৰ নগৰৰ দৈনিক বজাৰত অৱস্থিত শিৱ মন্দিৰত উখলমাখল পৰিৱেশ। শিৱ বাবাৰ আৰাধানাৰে মহা শিৱৰাত্ৰিৰ আয়োজনত ব্যস্ত সকলো। পুৱাৰ ভাগৰ পৰাই মন্দিৰত দেখা গল যথেষ্ট সংখ্যক ভক্তৰ সমাগম। সকলোৱে বাবাৰ চৰণত পূজা অৰ্চনা কৰি বাবাৰ আশীৰ্বাদ গ্ৰহণ কৰিলে। ১৯৯৮চনত প্ৰতিষ্ঠা হোৱা মন্দিৰভাগিয়ে বৰ্তমান ২৬টি বছৰ গৌৰৱেৰে সম্পুৰ্ণ কৰিলে। মন্দিৰত সকলোৱে আনন্দমনে ভক্তপ্ৰাণ ৰাইজৰ বাবে খিৰ, খিছিৰি বনাই থকা দেখা গল। বৰ্তমান মন্দিৰভাগিত শিৱবাবাৰ পূজা সুন্দৰভাৱে চলি আছে। নিশা ১০ বজালৈ অনুষ্ঠিত হবলগীয়া অনুষ্ঠানভাগত ভক্তপ্ৰাণ ৰাইজে ভক্তি ভৰা সেৱা আগবঢ়াই সকলো ৰাইজৰে কুশল=মঙ্গল কামনা কৰিলে।
0 Comments